যোৱা ২৪ ঘন্টাত দেশত ৩৩৫জন নতুনকৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ৫জন লোকৰ মৃত্যু। বৰ্তমান সমগ্ৰ দেশতে কৰ’না ৰোগীৰ সংখ্যা ১৭০১ জন।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫ জন লোকৰ ভিতৰত চাৰিজন কেৰালাৰ বাসিন্দা। তদুপৰি উত্তৰ প্ৰদেশৰ পৰা এজনৰ মৃত্যুৰ তথ্য পোৱা গৈছে। কেৰালাত ক’ভিডত মৃত্যু হোৱাক লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে । কাৰণ তাত নতুন প্ৰকাৰৰ কৰ’না পোৱা গৈছে। যাৰ নাম জেএন.১।
এই নতুন ভেৰিয়েণ্ট যোৱা ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আমেৰিকাত পোৱা গৈছিল। তেতিয়াৰ পৰা এই ভাইৰাছৰ এই ভেৰিয়েণ্টত আক্ৰান্ত হৈছে কেইবাজনো লোক ৷ শেহতীয়াকৈ চীনত জেএন.১ চিন্তাৰ কাৰণ হৈ পৰিছে। সাতজন লোকৰ এই ভেৰিয়েন্টত মৃত্যু ঘটিছে ৷
বিভিন্ন দেশত পুনৰ সংক্ৰমন বাঢ়িবলৈ আৰম্ভ কৰিছে কৰ’নাৰ। এই সন্দৰ্ভত সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে বিভিন্ন দেশক এই ক্ষেত্ৰত অতিৰিক্ত সাৱধান হ’বলৈ পৰামৰ্শ দিছে। সংস্থোৱে ভিডিঅ’-মেছেজৰ জৰিয়তে এই পৰামৰ্শ প্ৰকাশ কৰিছে । বিভিন্ন দেশত নতুনকৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু নতুন ভেৰিয়েন্ট ধৰা পৰাৰ ফলত স্বাস্থ্য বিশেষজ্ঞসকল সতৰ্ক হ’বলৈ বাধ্য হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ৬৮ শতাংশ কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ শৰীৰত এক্স বি বি ভেৰিয়েন্ট ধৰা পৰিছে । আন ৰোগীৰ শৰীৰৰ জেএন.১ ভেৰিয়েন্ট ধৰা পৰিছে ৷শীতকালত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিয়া হৈছে।