চীনত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱৰ বাবে দিল্লী বিমানবন্দৰত বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ক’ৰ’না পৰীক্ষা আৰম্ভ হৈছে। শনিবাৰৰ পৰা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ক’ভিড পৰীক্ষা আৰম্ভ হৈছে ৷ দেশৰ আন একাংশ বিমানবন্দৰতো আৰম্ভ হৈছে বিদেশৰ পৰা উভতি অহা যাত্ৰীসকলৰ কৰ’না পৰীক্ষা ৷
শীতকাল অহাৰ লগে লগে চীনত এই মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আন বহু দেশত এই মহামাৰী বিয়পি পৰিছে। এনে পৰিস্থিতিত দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই শনিবাৰৰ পৰা বিদেশৰ পৰা উভতি অহা ২ শতাংশ যাত্ৰীৰ কৰ’না পৰীক্ষা আৰম্ভ কৰিছে ৷ মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষইও বিদেশৰ পৰা উভতি অহা যাত্ৰীসকলক বিনামূলীয়াকৈ ক’ভিড পৰীক্ষা কৰা হ’ব বুলি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও মধ্যপ্ৰদেশৰ খাজুৰাহো বিমানবন্দৰতো শনিবাৰৰ পৰা আৰম্ভ হৈছে কৰ’না পৰীক্ষা। একেধৰণৰ ব্যৱস্থা পুনে বিমানবন্দৰতো গ্ৰহণ কৰা হৈছে ৷
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই দেশৰ সকলো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া এখন বৈঠকত ক’ভিড নিয়ম মানি চলা, টিকাকৰণ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।