ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হৈছে ছাত্ৰ একতা সভাৰ নিৰ্বাচন। ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ ছাত্ৰ সংগঠন সমূহৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত বহু পাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগ বঢ়াইছে এই নিৰ্বাচনত।
এইবাৰ নির্বাচনত ভোটাৰৰ সংখ্যা হৈছে ৮৯৭৬ গৰাকী ৷ ইয়াৰে বিপৰীতে বিভিন্ন পদৰ প্ৰার্থীৰ সংখ্যা হৈছে ৩৫ জন প্রার্থী। কটন বিশ্ববিদ্যালৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ এটা গুৰুত্বপূৰ্ণ পদ সভাপতি পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৩ গৰাকী প্রাৰ্থীয়ে। সমান্তৰালভাৱে অন্য এটা গুৰুত্বপূৰ্ণ পদ সাধাৰণ সম্পাদক পদতো প্রতিদ্বন্দ্বিতা আগবঢ়াইছে ৩ গৰাকী প্রাৰ্থীয়ে।
মঙলবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। বিয়লি ২ বজালৈ চলিব ভোটদান। অহা ১৯ অক্টোবৰত ঘোষণা কৰা হ’ব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল।নির্বাচনক কেন্দ্ৰ কৰি কটন বিশ্ববিদ্যালয় চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ৷