নতুন চাকৰি এটাৰ কথা ভাবিছেনেকি? জীৱনত ৰোমাঞ্চ আনিব বিচৰাসকলৰ বাবে আহি আছে সোণালী সুযোগ। লণ্ডনৰ এন্টাৰ্কটিক হেৰিটেজ ট্ৰাষ্টে বিশ্বৰ আটাইতকৈ দক্ষিণ প্ৰান্তত অৱস্থিত প’ৰ্ট লকৰয়ত ডাকঘৰৰ বাবে ৫ জন কৰ্মচাৰীৰ সন্ধান কৰিছে । মেইলৰ উত্তৰ দিয়াৰ পৰা আৰম্ভ কৰি অঞ্চলটোত পেংগুইনৰ সংখ্যা গণনা কৰালৈকে বিভিন্ন কামৰ বাবে তেওঁলোকক নিযুক্তি দিয়া হ’ব ৷
ট্ৰাষ্টৰ তিনিটা পদৰ বাবে কৰ্মচাৰীৰ প্ৰয়োজন – বেচ লিডাৰ, শ্বপ মেনেজাৰ, জেনেৰেল এচিষ্টেণ্ট। এই নিযুক্তিৰ বিজ্ঞাপন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পদসমূহৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰী ব্ৰিটিছ বাসিন্দা হ’ব লাগিব। যিসকলক নিযুক্তি দিয়া হ’ব তেওঁলোকে ২০২৪ চনৰ পৰা কাম আৰম্ভ কৰিব লাগিব। কৰ্মচাৰীয়ে পাঁচ মাহ কাম কৰিব লাগিব।
চাকৰিৰ বিজ্ঞাপন অনুসৰি কৰ্মচাৰীয়ে মেইলৰ উত্তৰ দিব, ডাক ষ্টাম্প বিক্ৰী কৰা, ৮০ বছৰীয়া এটা অট্টালিকাৰ যত্ন ল’ব, ষ্ট’ৰ চলাব আৰু অঞ্চলটোত পেংগুইনৰ সংখ্যা গণনা কৰিব। এই ডাকঘৰটো ইমানেই দুৰ্গম অঞ্চলত আছে যে ইয়াত কৰ্মচাৰীসকলৰ বাবে কাম কৰাটো অত্যন্ত জটিল ৷
১৯৯৬ চনৰ পৰাই প’ৰ্ট লকৰয়ক সংগ্ৰহালয়লৈ ৰূপান্তৰিত কৰা হৈছে। ২০০৬ চনৰ পৰা এন্টাৰ্কটিক হেৰিটেজ ট্ৰাষ্টে প’ৰ্ট লকৰয়ৰ দায়িত্বত আছে।