সাংসদ পুঁজিৰ কেলেংকাৰি গোচৰত আজি চি এম ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হৈছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ আৰু তেওঁৰ স্বামী ভৰত চন্দ্ৰ নৰহ। চি এম ভিজিলেন্সৰ চমন লাভ কৰা পাছতে নৰহ দম্পত্তী আজি উপস্থিত হয়। উল্লেখ্য যে ৰাণী নৰহ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকাৰ সময়ত দমকল বিতৰনৰ সময়ত এই কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল । প্ৰায় এক কোটি বিশ লাখ টকাৰ অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল । সংসদ পূজিৰ অধীনত দমকল যোগানৰ ক্ষেত্ৰত এই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ উঠে। দমকল বিতৰণ নকৰাকৈয়ে এই ধনৰাশি আত্মসৎ কৰা বুলি অভিযোগ উঠি আহিছে। ইয়াৰ ভিত্তিতে চি এম ভিজিলেন্সত এটা গোচৰ ৰুজু হয় আৰু ৰাণী নৰহক জেৰাৰ বাবে তলব কৰে। আজি পুৱাৰ ভাগত ৰাণী নৰহ আৰু ভৰত চন্দ্ৰ নৰহ চি এম ভিজিলেন্সৰ কাৰ্যালয়ত উপস্থিত হয় । প্ৰাপ্ত তথ্য অনুসৰি আজি দিনৰ ভাগত ৰাণীক জেৰা চলাব চিএম ভিজিলিন্সে ।