আজি ক্ষেত্ৰীত সংঘটিত হয় এক শোকাবহ ঘটনা ৷ ক্ষেত্ৰী অঞ্চলত কলং-কপিলি এক্সপ্ৰেছৰ আগত পৰি অকালতে প্ৰাণ হেৰুৱালে এহাল দম্পতীয়ে।নিহত হোৱা দম্পতিহালৰ স্বামী ৰাজৱী পাহাৰিয়া আৰু তেওঁৰ পত্নী চন্দ্ৰমা দেৱী বুলি চিনাক্ত কৰা হৈছে। জানিবপৰা মতে তেওঁলোক ক্ষেত্ৰীৰ সেনাবৰ অঞ্চলৰ বাসিন্দা।
ৰে’ল লাইন পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে তেওঁলোক নিহত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও তেওঁলোকে আহি থকা ৰে’লখন কিয় দেখা নাছিল বা ৰে’ল খন অহাৰ শব্দ শুনা নাছিল নেকি বৰ্তমান সময়ত এনেধৰণৰ বহু প্ৰশ্নই উত্থাপিত হৈছে ৰাইজৰ মনত ৷ অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে সুৰক্ষাৰ নিয়ম সন্দৰ্ভত ৰাইজৰ অৱহেলাৰ ফলত অসমত প্ৰায়ে বহুলোকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়।প্ৰায়ে দেখা যায় যে সকলো ধৰণৰ সুৰক্ষা ব্যৱস্থাক অস্বীকাৰ কৰি বহু লোকে আহি থকা ৰে’লখন দেখিও ৰে’লপথ পাৰ হ’বলৈ চেষ্টা কৰে । যাৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হৈ অকালতে প্ৰাণ হেৰুৱাই বহুজনে ৷
সেয়েহে এই ক্ষেত্ৰত ৰে’লৱে কৰ্তৃপক্ষ বা চৰকাৰে এনে বিপদজনক ক্ৰছিং প্ৰতিহত কৰিবলৈ কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।