আর্থিক দীনতাৰ বাবেই ৰাজ্যত সংঘটিত আন এক মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা ৷ চিৰাঙৰ ৰুণীখাটাত পোহৰলৈ আহিছে আৰ্থিক দীনতাৰ ভয়াৱহ ছবি । আথৰিক দীনতাৰ বাবেই এটা দম্পত্তীয়ে বিক্ৰী কৰিলে নিজৰ সন্তান ৷ সামান্য ধনৰ বিনিময়ত দম্পত্তীহালে দুই পুত্ৰ সন্তানক বিক্ৰী কৰে ৷ ৰুণীখাটা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য ৷ ইতিমধ্যে সন্তান বিক্ৰী কৰা হুগম নার্জাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ তদুপৰি দুই সন্তান ক্ৰয় কৰা খুংগ্ৰীং গাঁৱৰ বাসিন্দা অবিনাশ বৰগয়াৰী আৰু ঢেকীয়াজুলিৰ নীৰন স্বৰ্গীয়াৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি ছয়মাহৰ ভিতৰত ১ লাখ টকাৰ বিনিময়ত ২ পুত্ৰ সন্তানক বিক্ৰী কৰিছিল দম্পত্তীটোৱে । ৪০ হাজাৰ টকাৰ বিনিময়ত ডেৰ বছৰীয়া সন্তানক বিক্ৰী দম্পতীৰ। অবিনাশ বৰগয়াৰী নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰিছিল ডেৰবছৰীয়া সন্তানক।
২০২২ চনৰ নৱেম্বৰতে প্ৰথমটো সন্তান বিক্ৰী কৰিছিল দম্পতীটোৱে। চলিত বৰ্ষৰ জুলাই মাহতো দম্পতীটোৱে বিক্ৰী কৰে আন এটি সন্তানক। ৬০ হাজাৰ টকাৰ বিনিময়ত আনটি সন্তানক বিক্ৰী কৰে দম্পতীটোৱে। নীৰণ বৰগয়াৰী নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰে আনটি সন্তান। একমাত্ৰ দৰিদ্ৰতাৰ বাবেই দম্পতীটোৱে বিক্ৰী কৰে সন্তান দুটিক। সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ কৰিছে দম্পতীটোৱে।এই ঘটনাই স্বাভিৱকতে জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷