যোৱা ৩ অক্টোবৰ তাৰিখে ড্ৰাগছ কেছত আটক হোৱা চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ মুম্বাইৰ বিশেষ আদালতত পুনৰ জামিন নাকচ কৰা হয়।
আৰয়ান খানৰ মোবাইলত বহুতো আন্তৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীৰ যোগাযোগৰ তথ্য পোৱা গৈছে। খানৰ জৰিয়তে সেই ড্ৰাগছ ব্যৱসায়ীসকলক ধৰিব পাৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
অহা ২৬ তাৰিখে পুনৰ বোম্বে হাইকৰ্টত আৰয়ান খান আৰু তেওঁৰ সহযোগীৰ জামিন আবেদনৰ শুনানিৰ দিন পৰিছে।
সম্প্ৰতি আৰয়ান খান মুম্বাইৰ আৰ্থৰ জেলত আছে।