দিল্লীৰ আবকাৰী দুৰ্নীতিত গ্ৰেপ্তাৰ হোৱা আপ নেতা মনীষ ছিছ’দিয়াই নিজৰ অসুস্থ পত্নীক লগ কৰিবলৈ আদালতত আবেদন দাখিল কৰিছিল । দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীৰ এই আবেদনৰ অনুমতি প্ৰদান কৰে। অৱশ্যে কিছু চৰ্তও আৰোপ কৰিছে আদালতে ৷ সেই চর্ত অনুসৰি শণিবাৰে পুৱা প্ৰায় ১০ বজাত ছিছ’ডিয়াই নিজৰ ঘৰত উপস্থিত হয়।
আদালতে জনোৱা মতে, শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ মুঠ ৬ ঘণ্টা তিহাৰ জেলৰ বাহিৰত থাকিব পাৰিব ছিছ’দিয়া। এই সময়ছোৱাত কাৰাগাৰত থকা আপ নেতাজনে সংবাদ মাধ্যমৰ সৈতে কথা পাতিব নোৱাৰিব বুলিও আদালতে অৱগত কৰে৷ ইয়াৰ বাহিৰেও আদালতে নিৰ্দেশ দিয়ে যে ছিছ’দিয়াই কোনো ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব। আদালতৰ সকলো নিৰ্দেশ আৰু চৰ্ত মানি পুৱা প্ৰায় ১০ বজাত চিছ’দিয়াই আৰক্ষীৰ ভ্যানত দিল্লীৰ মথুৰা ৰোডৰ ঘৰত উপস্থিত হয়। ঘৰত উপস্থিত হৈয়ো অসুস্থ পত্নী সীমাক লগ কৰিব নোৱাৰিলে তেওঁ । কিয়নো শাৰীৰিক অৱস্থাৰ হঠাৎ অৱনতি ঘটাৰ বাবে চিছ’দিয়া-পত্নীক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
দিল্লী আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা ফেব্ৰুৱাৰী মাহত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছিছ’দিয়াক। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁ মন্ত্ৰালয়ৰ পৰা পদত্যাগ কৰে। প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে এই গোচৰত ছিছ’ডিয়াৰ জামিন আবেদন নাকচ কৰিছিল উচ্চতম ন্যায়ালয়ে।