বিশ্বৰ বিভিন্ন প্ৰান্তত কভিদ পৰিস্থিতি পুনৰ ভয়াবহ হৈ উঠিছে। কালিৰ দিনটোতে ব্ৰিটেইনত ৫২ হাজাৰ লোক আক্ৰান্ত হোৱাৰ খবৰে সমগ্ৰ বিশ্বতে চিন্তাত পেলাইছে।
কেৱল ইউৰোপতে নহয় আমেৰিকা, ৰাছিয়া আদি দেশসমূহত কভিদ পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে ঢাল খাইছে। কভিদ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াত ৩০ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈকে “paid holiday ” ঘোষণা কৰিছে।
কভিদ মহামাৰী ক্ৰমাৎ বাঢ়ি যোৱাত চীনত স্কুল কলেজসমূহ বন্ধ ঘোষণা কৰা হৈছে। পৰীক্ষাসমূহ বাতিল কৰাৰ লগতে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।
ভাৰতত কালি ১৫,৭৮৬ জন লোক কভিদত আক্ৰান্ত হৈছে। বৰ্তমান ভাৰতত এক্টিভ কেছৰ সংখ্যা ১,৭৫,৭৪৫ জন।আনহাতে কেৰেলাত কালিৰ দিনটোতে ৯৩৬১ জন কভিদত আক্ৰান্ত হয়। কেৰেলাৰ কভিদ পৰিস্থিতিয়ে দেশবাসীক চিন্তিত কৰি তুলিছে।
জনসাধাৰণ নিজেই সচেতন নহ’লে কোনো চৰকাৰী নিৰ্দেশনাই কভিদ মুক্ত কৰিব নোৱাৰে। কভিদৰ তৃতীয় ঢৌৱে ভৱিষ্যতে ভাৰতত কেনে ৰূপ ধাৰণ কৰিব এই কথাই সকলোকে চিন্তাত পেলাইছে।