ক্ৰমাত দেশত কমিবলৈ আৰম্ভ কৰিছে কোভিডৰ সংক্ৰমন৷ বিগত ২৪ ঘন্টাত দেশত মুঠ ১৮,৮৩৩ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। যোৱা ২০৩ দিনৰ ভিতৰত এয়া হৈছে আটাইতকৈ সৰ্বনিম্ন। বিগত ২৪ ঘণ্টাত কোভিডত মৃত্যুবৰণ কৰিছে ২৭৮জনে। বৰ্তমান দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২,৪৬,৬৭৮ জন লোক।
আনহাতে ৰাষ্ট্ৰীয় সুস্হতাৰ হাৰ হৈছে ৯৭.৯৪শতাংশ।ইপিনে, কালি ৰাজ্যত মুঠ ৩৮৫জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। আক্ৰান্ত সকলৰ ভিতৰত সৰ্বাধিক ১৩১ জন গুৱাহাটীৰ। কালি কোভিডত মৃত্যু ঘটিছে ৭ জন লোকৰ। মুঠ ৪৬,০৫১ টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।সুস্হতাৰ হাৰ হৈছে ৯৮.২৯ শতাংশ। উল্লেখযোগ্য যে কোভিডৰ সংক্ৰমন কমিলেও ৰাজয়ত অব্যাত আছে প্ৰাপ্তবয়স্ক লোকক ভেকচিন প্ৰদান প্ৰক্ৰিয়া। ৰাজ্যত কালিলৈ২,৫০,৯৬,৭২৯ জন লোকক প্ৰতিষেধক প্ৰদান কৰিছে চৰকাৰে৷