ক’ভিড সংক্ৰান্তীয় কথাবোৰ সাধাৰণ জনতা বাদেই চিকিৎসকসকলৰ বাবেও যেন সাধুকথা হৈ পৰিছে। কেতিয়াবা যদি ক’ভিডৰ প্ৰকোপ কমাৰ খবৰে আমাক আস্বস্ত কৰিছে পিছ মূহূৰ্ততে আকৌ বৰ্ধিত মৃত্যুয়ে শংকিত কৰি তুলিছে।
এক কথাত ক’ভিডৰ প্ৰকৃত গতি-প্ৰকৃতি নিৰ্ধাৰণত চিকিৎসা বিজ্ঞান প্ৰায় ব্যৰ্থ। অনুমান আৰু পৰীক্ষা-নিৰীক্ষাৰ জটিল প্ৰক্ৰিয়াৰ মাজেৰেই সহাৱস্থান আৰু সাৱধানতাৰ নীতিৰে আমি কভিডময় পৃথিৱী এখনৰ সৈতে সহাৱস্থানৰ শিক্ষা আহৰণ কৰিছো।
আজিৰ তাৰিখত অসমত ক’ভিড সংক্ৰমণ হ্ৰাস পাইছে, যাৰ পৰিপ্ৰেক্ষিতত ক’ভিড সম্পৰ্কীয় নীতি-নিয়ম শিথিল কৰি জনসাধাৰণক কিছু মুকলি উশাহ ল’বলৈ সুবিধা দিছে চৰকাৰে। কিন্তু দুৰ্ভাগ্যৰ কথা অসমৰ ক’ভিড পৰিস্থিতিৰ সাময়িক উত্তৰণ ঘটিছে যদিও দেশৰ ক’ভিড পৰিস্থিতি বৰ্তমান উন্নত নহয়।
তথ্য অনুসৰি সমগ্ৰ দেশতে ক’ৰনাৰ সংক্ৰমন হ্ৰাস পাইছিল যদিও বুধবাৰে সংক্ৰমণৰ হাৰ আকৌ এবাৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ, ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বিগত ২৪ ঘণ্টাত ক’ৰনা সংক্ৰমণৰ পৰিসংখ্যাত সংক্ৰমণ বৃদ্ধিৰ তথ্য প্ৰকাশ পাইছে।
বিশেষকৈ কেৰালাত ক’ৰনাৰ সংক্ৰমণ আকৌ এবাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বুধবাৰে দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰনা ৰোগী চিনাক্ত হৈছে কেৰালাত। একেদৰে মহাৰাষ্ট্ৰতো বৃদ্ধি পাইছে ক’ৰনাৰ সংক্ৰমণ।
উদ্বেগজনক বিষয় হ’ল দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৭০ শতাংশই হৈছে কেৰেলাৰ। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত মুঠ ৩২ হাজাৰ ৮০৩ জন লোক আক্ৰান্ত হৈছে। সেইদৰে ১৭৩ জন লোকৰ মৃত্যু হৈছে।
নতুন তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৪৭,০৯২ গৰাকী লোক সংক্ৰমিত হৈছে। এই সময়ছোৱাত ৩৫,১৮১ জনৰো অধিক লোক আৰোগ্য হৈছে আৰু ২৪ ঘণ্টাত ৫০৯ জন লোক নিহত হৈছে।
দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪ লাখ ৩৯ হাজাৰ ৫২৯ জন আৰু এতিয়ালৈকে মুঠ ৩ কোটি ২০ লাখ ২৮ হাজাৰ ৮২৫ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
দেশত কৰ’নাৰ তৃতীয় ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধিৰ আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পুনৰ উৰ্দ্ধগামী হোৱাৰ ঘটনাই যেন অশনি সংকেট কঢ়িয়াই আনিছে।