সংক্ৰমণ হ্ৰাস পালেও কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। কালি পর্যন্ত সমগ্ৰ বিশ্বত কভিডত মৃত্যুৰ মুঠ সংখ্যাই 5 নিযুতৰ ঘৰ অতিক্ৰম কৰিলে। এই তথ্য প্ৰকাশ কৰিছে ৰইটাৰে । বিশেষকৈ ডেলতা ভাইৰাছৰ সংক্ৰমণৰ বাবে অধিক লোকৰ মৃত্য ঘটিছে। ভেকচিন নোলোৱা লোকসকলৰ অধিক মৃত্য ঘটিছে।
ইপিনে বিগত 24 ঘণ্টাত ভাৰতত মুঠ 24,354 জন লোক কোভিডত নতুনকৈ আক্ৰান্ত হৈছে। দেশত এই সময়ছোৱাত মৃত্য হৈছে 234 জন লোকৰ। বৰ্তমান দেশত চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে2,73,889 জন।
আনহাতে কালি অসমত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে 303 জন।গুৱাহাটীত সৰ্বাধিক 70 জন লোক আক্ৰান্ত হৈছে। কালি 47,515 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।আক্ৰান্তৰ হাৰ হৈছে ০.৬৪%। কালি ৰাজ্যত মৃত্য ঘটিছে ৩ জন লোকৰ।