কভিডৰ দুয়োপালি ভেকচিন লৈ আপুনি যদি এই মহামাৰীৰ পৰা নিজকে সুৰক্ষিত বুলি নিশ্চিত হৈ আছে, তেনেহ’লে আপোনাৰ বাবে আছে দুখবৰ ৷ সময়ে সময়ে ৰূপ সলনি কৰি অহা কভিডৰ আন এক নতুন মিউটেণ্ট ভেৰিয়েণ্টক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ বিজ্ঞানীমহল ৷ সম্প্ৰতি দুখন দেশত চিনাক্ত হোৱা এই মাৰাত্মক ভেৰিয়েণ্টে কভিডৰ ভেকচিন অসাৰ কৰি তুলিব পাৰে ৷ দক্ষিণ আফ্ৰিকা আৰু বটছাৱানাত চিনাক্ত হোৱা এই নতুন ভেৰিয়েণ্টৰ নাম দিয়া হৈছে বি.১.১৫২৯ ৷ দক্ষিণ আফ্ৰিকা বিশ্ববিদ্যালয়ৰ এগৰাকী বিশেষজ্ঞ টুলিও ডি অলিভেইৰাই প্ৰকাশ কৰা অনুসৰি এই নতুন ভেৰিয়েণ্টত কেইবাটাও মিউটেণ্ট আছে ৷তদুপৰি পূর্বৰ মিউটেণ্টসমূহতকৈ ই যথেষ্ট সুকীয়া ৷ এই নতুন ভেৰিয়েণ্ট যথেষ্ট বিপদজনক বুলিো তেঁও মতপোষণ কৰিছে ৷
দক্ষিণ আফ্ৰিকাত বর্তমানলৈ ২২ জন নতুন ভেৰিয়েণ্টৰ পজিটিভ ৰোগী চিনাক্ত হৈছে ৷ ইতিমধ্যে এই নতুন ভেৰিয়েণ্টক লৈ চিন্তা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ নতুন ভেৰিয়েণ্টক লৈ আলোচনাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই আহ্বান জনাইছে জৰুৰী বৈঠকৰ ৷ আজি বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দর্ভত আলোচনাত মিলিত হ’ব ৷ এইক্ষেত্ৰত সতর্ক হৈছে ভাৰত চৰকাৰো ৷ দক্ষিণ আফ্ৰিকা আৰু বটছাৱানাৰ লগতে হংকঙ হৈ অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলক সকলোধৰণৰ পৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকৰে ৰাজ্য চৰকাৰসমুহক নির্দেশ দিছে ৷ বিশ্বৰ কেইবাখনো দেশে আফ্ৰিকান দেশসমূহলৈ জাৰি কৰিছে ভ্ৰমণ নিষেধাজ্ঞা ৷ নতুন ভেৰিয়েণ্ট বিধে কম সময়ৰ ভিতৰতে দূর্বল কৰি তুলিব পাৰে শৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ৷