ক’ভিডত আক্ৰান্তৰ সংখ্যা শূণ্যৰ ঘৰলৈ হ্ৰাস কৰিবলৈ চীনে লৈছে বিশেষ পদক্ষেপ ৷ ক’ভিডত আক্ৰান্ত লোকৰ সংস্পর্শলৈ আহি যাতে আন কোনো লোক আক্ৰান্ত হ’ব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ লৈছে দেশখনৰ চৰকাৰে ৷ যাৰ বাবে ক’ভিডত আক্ৰান্ত লোকসকলক চীনে আৱদ্ধ কৰি ৰাখিছে টিনৰ বাকচত ৷ আকাৰত যথেষ্ট সৰু এই বাকচত আৱদ্ধ কৰি ৰখা লোকসকলৰ ভিতৰত আছে গর্ভৱতী মহিলা আৰু শিশুও ৷ ডেইলী মেইল নামৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই তথ্য ৷
সংবাদ প্ৰতিষ্ঠানটোৱে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’ৰ জৰিয়তে জিয়ান, আনিয়াং আৰু জুঝৌৰ পৰিস্থিতিৰ বিষয়ে বর্ণনা কৰিছে ৷ অমিক্ৰন ভেৰিয়েন্টত কেইজনমান লোক সংক্ৰমন হোৱাৰ পাছতে এনেদৰে লোকসকলক টিনৰ বাকচত ভৰাই ৰখা হৈছে ৷ দেশখনত বর্তমানলৈ বিভিন্ন চহৰত সৰ্বাধিক ২০ নিযুত লোকক এনেদৰে বাকচৰ ভিতৰত আৱদ্ধ কৰি ৰখা হৈছে ৷ ইয়াৰ ভিতৰত ১৩ নিযুত লোক জিয়ান চহৰৰ ৷ এই লোকসকলক এটা কাঠৰ বাকচত কিছু লাগতিয়াল সামগ্ৰী প্ৰদান কৰি আৱদ্ধ কৰি ৰখা হৈছে ৷ এই টিনৰ বাকচসমুহত শৌচালয়ৰ সুবিধা আছে ৷ তেওঁলোকক এনেদৰে দুসপ্তাহ পর্যন্ত আৱদ্ধ কৰি ৰখা হৈছে ৷ এনেদৰে আৱদ্ধ হৈ থকা এজন লোকে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “আমাক ৰখা বাকচৰ ভিতৰত একো সুবিধা নাই ৷ কেৱল মৌলিক প্ৰয়োজনীয়তা পূৰণৰ বাবে কিছু সামগ্ৰী প্ৰদান কৰা হৈছে ৷ কোনেও আমাক পৰীক্ষা কৰিবলৈ অহা নাই ৷ এয়া কেনেধৰণৰ কোৱাৰেণ্টাইন ?”
উল্লেখ্য যে এখন চহৰত ক’ভিড পজিটিভ হোৱাৰ লগে লগে সংশ্লিষ্ট কৰ্তৃপক্ষই সমগ্ৰ অঞ্চলটোত বাস কৰা লোকসকলক ঘৰৰ পৰা বাছত উঠাই আনি টিনৰ বাকচত কোৱাৰেণ্টাইন কৰি ৰাখিছে ৷ বেইজিঙে অহা পৰম্পৰাগত নৱবৰ্ষ আৰু শীতকালীন অলিম্পিকৰ আগতে ক’ভিডৰ প্ৰাদুৰ্ভাৱ দূৰ কৰাৰ লক্ষ্য বান্ধি লৈছে।ক’ভিড-১৯ ৰ প্ৰট’কল উলংঘা কৰাৰ বাবে তিনিজন লোকক চাৰি বছৰতকৈও অধিক সময়ৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে দেশখনত ৷