কভিদ মহামাৰীৰ মাজেৰে যোৱা বছৰৰ দৰে এইবাৰো দুৰ্গা পূজা উদযাপনৰ কথা চিন্তা কৰা হৈছে। এই সম্পৰ্কে চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে।
নিৰ্দিষ্ট জোখতকৈ অধিক ডাঙৰ আকৃতিৰ মূৰ্তি এইবাৰ নিৰ্মাণ কৰিব নোৱাৰিব। পূজা সমিতিয়ে দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে দুটা সুকীয়া শাৰীৰ ব্যৱস্থা কৰিব লাগিব।
পূজা সমিতিৰ লোকসকলে দুটা কভিদ প্ৰতিষেধক লোৱাটো জৰুৰী বুলি চৰকাৰে জানিবলৈ দিয়ে। ইয়াৰ উপৰিও দৰ্শনাৰ্থীসকলেও পূজা চাবলৈ আহোঁতে ভেকচিন লোৱাটো বাধ্যতামূলক।
আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অসমবাসীক পূজাৰ পূৰ্বে ভেকচিন ল’বলৈ অনুৰোধ জনায়।
স্বাস্থ্য নিজৰ। জীৱন নিজৰ। সকলো ব্যক্তিয়ে পূজা চাবলৈ যাওঁতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখি নিজকে আৰু নিজৰ পৰিয়ালক কভিদৰ পৰা ৰক্ষা কৰা জনসাধাৰণৰ কৰ্তব্য।
পূজাৰ ভিৰত বহুতো শিশু মাক দেউতাকৰ পৰা বিছিন্ন হোৱা পৰিলক্ষিত হৈ বিপদত পৰা দেখা যায়। সেই পৰিস্থিতিৰ সন্মুখীন হ’বলৈ শিশুটিক আগৰে পৰা নিৰ্ভয় মনেৰে আৰক্ষীৰ ওচৰ চাপিবলৈ ঘৰতে শিকাওক। ইয়াৰ উপৰিও শিশুটিক পকেট থকা কোনো কাপোৰ পৰিধান কৰাই পকেটৰ ভিতৰত মাক দেউতাকৰ ফোন নম্বৰ লিখা কাগজ এখিলা ভৰাই ৰাখক। কোনো সদাশয় ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে শিশুটিক বিচাৰি উলিওৱাত সহজ হ’ব। ইয়াৰ উপৰিও কপাহী বা কটন চোলা পৰিধান কৰিলে বন্দুক বা চিগাৰেটৰ ফিৰিঙতিৰ পৰা বিপদ হোৱাৰ ভয় কম থাকে। গতিকে সাৱধান হোৱা উচিত।