অসম চৰকাৰে পূজা উপলক্ষে জাৰি কৰা নতুন এচ অ’ পি ঘোষণা কৰাৰ পিছতেই আহি পৰিছে এটা ভয়ংকৰ খবৰ। ক’ভিডৰ তৃতীয় ঢৌৰ আশংকা কৰি থকাৰ মাজতে সমগ্ৰ দেশত বৃদ্ধি পাইছে ক’ভিডৰ আক্ৰান্তৰ সংখ্যা।
খবৰ অনুসৰি কালি দিনটোৰ ভিতৰতে দেশত ৩০ হাজাৰতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।অৰ্থাৎ ২৪ ঘন্টাত দেশত ৩৪,৪০৩ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে।
লগতে মৃতকৰ সংখ্যাও উদ্বেগজনক ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিগত ২৪ ঘন্টাত সমগ্ৰ দেশত ৩২০ গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে কেৰেলাত সৰ্বাধিক ২০ হাজাৰতকৈও অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।এই খবৰে এতিয়া ৰাজ্যবাসীলৈও অশনি সংকেত কঢ়িয়াই আনিছে।
যিহেতু আগন্তুক দুৰ্গাপূজা আৰু কালীপূজা উদযাপনৰ ক্ষেত্ৰত এই খবৰে যে বিৰূপ প্ৰভাৱ পেলাব সেইয়া একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।