তুলণামূলক ভাৱে ৰাজ্য খনত হ্ৰাস পাইছে কৰোণা আক্ৰান্তৰ সংখ্যা। তথাপি ৰাজ্য বাসীয়ে স্বস্তিৰ নিশ্বাস পেলাব পৰা নাই। প্ৰতিদিনেই ৰাজ্যত ক’ভিডত আক্রান্ত হৈ মৃত্যুক আকোঁৱালি লৈছে একাধিক লোকে। ৯ অক্টোবৰত ৫ গৰাকীকৈ ক’ভিড আক্রান্তই মৃত্যুক আকোঁৱালি লৈছে। ৰাজ্য খনৰ শোণিতপুৰ জিলাত দুগৰাকী আৰু বৰপেটা, যোৰহাট আৰু লক্ষীমপুৰ জিলাত এগৰাকীকৈ আক্রান্তই ক’ভিডৰ সৈতে যুঁজি প্ৰাণ হেৰুৱায়। আনফালে কালি অসমত ১৬০ গৰাকী নতুনকৈ কৰোণাত আক্রান্ত হৈছে। গুৱাহাটী মহানগৰীত ১০অক্টোবৰত কৰোণাত আক্ৰান্তৰ সংখ্যা ৬০জন। অসমৰ অন্যান্য জিলা সমূহৰ ভিতৰত বৰপেটা জিলাত কৰোণা আক্ৰান্তৰ সংখ্যা ৫,বিশ্বনাথত ৩,কাছাৰত ৮,দৰঙত ১,ধুবুৰীত ২,ডিব্ৰুগড়ত ৪, ডিমা হাচাওত ৮,হোজাইত ১,যোৰহাটত ২১,কামৰূপত ৬,কাৰ্বিআংলঙত৩, কোকৰাঝাৰত ১ , লক্ষীমপুৰত ১২,মৰিগাঁৱত ২,নগাঁৱত ১০,নলবাৰীত ২,শিৱসাগৰত ৩,শোণিতপুৰত ৭ আৰু ওদালগুৰি জিলাত ১গৰাকী ক’ভিড ৰোগী পোৱা হৈছে।
জানিবলৈ পোৱা মতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ১০ অক্টোবৰৰ দিনা ৰাজ্যৰ ২৪,৯০০গৰাকীক ক’ভিড পৰীক্ষা কৰে। পৰীক্ষা অনুসৰি পজিটিভৰ হাৰ ০.৬৪শতাংশ। ইতিমধ্যে ২৪০ গৰাকী আক্রান্ত ক’ভিড মুক্ত হৈ ঘৰলৈ যাবলৈ সক্ষম হয়। ৰাজ্যৰ মুঠ ২৬০৫ গৰাকীয়ে এতিয়াও ক’ভিডৰ সৈতে যুঁজ দি আছে।