উৎসৱৰ বতৰত দেশজুৰি পুনৰ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ৷ বিগত ২৪ ঘন্টাত দেশত নতুনকৈ সংক্ৰমিত হৈছে ১৬,৮৬২জন লোক ৷ ইপিনে, কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৩৭৯ জন লোকৰ ৷ আক্ৰান্তৰ হাৰ এতিয়াও কেৰালাত সর্বাধিক ৷ সুস্থতাৰ হাৰ হৈছে ৯৮.০৮ শতাংশ ৷ বর্তমানলৈ দেশত কোভিডত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৩.৪ কোটি ৷ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪.৫১ লাখ ৷ কালিৰ দিনটোত সুস্থ হৈছে ১৯,৩৯১ জন লোক ৷ বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ২.০৩ লাখ ৷
আনহাতে, ৰাজ্যতো অব্যাহত আছে কোভিডৰ সংক্ৰমণ ৷ কালি ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৪৭ জন লোক ৷ আক্ৰান্তৰ হাৰ হৈছে ০.৯৩ শতাংশ ৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত যথেষ্ট বৃদ্ধি পাইছিল আক্ৰান্তৰ হাৰ ৷ সেইদিনা আক্ৰান্তৰ হাৰ ১.৫৩ শতাংশলৈ বৃদ্ধি পাইছিল ৷