ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ মৃত্যুৰ এবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। তেওঁৰ মৃত্যুৰ কাৰণ সম্পৰ্কে নতুন তথ্য পোহৰলৈ আহিল। ইংলেণ্ডত বাস কৰা এজন ভাৰতীয় মূলৰ চিকিৎসক আৰু অষ্ট্ৰেলিয়াৰ এজন চিকিৎসকে যৌথভাৱে প্ৰকাশ কৰিছে এক প্ৰতিবেদন ৷ য’ত তেওঁলোকে দাবী কৰিছে যে ক’ৰ’না টিকাকৰণৰ বাবেই স্পিনাৰ গৰাকীৰ মৃত্যু হৈছে।
হৃদৰোগ বিশেষজ্ঞ অসীম মালহোত্ৰা আৰু ক্ৰীছ নীলে এই তথ্য পোহৰলৈ আনে। তেওঁলোকে দাবী কৰে যে ৱাৰ্ণৰ হাৰ্ট এটেকত মৃত্যু হোৱাত কোনো সন্দেহ নাই। কিন্তু মৃত্যুৰ ৯ মাহ পূৰ্বে তেওঁ কৰ’না ভেকচিন গ্ৰহণ কৰিছিল। ক’ভিড এমআৰএনএ নামৰ ভেকচিনটোৰ ফলত তেওঁৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছিল ৷ বিশেষকৈ যিসকলৰ পূৰ্বতে হৃদৰোগৰ কোনো লক্ষণ দেখা নাযায়।
ডাঃ মালহোত্ৰাই কয়, ‘৫২ বছৰ বয়সত এজন প্ৰাক্তন ক্ৰীড়াবিদৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি সততে শুনা নাযায়। কিন্তু আমি এইটোও জানিব পাৰোঁ যে ৱাৰ্নে মৃত্যুৰ আগতে বৰ শৃংখলাবদ্ধ জীৱন যাপন কৰা নাছিল। অতিৰিক্ত ওজন আৰু ধূমপায়ী আছিল। কিন্তু ফাইজাৰৰ দুটা ভেকচিনৰ পিছত সেই সমস্যা আৰু বেছি হৈ পৰিল। এনে ৰোগীক মই আগতেও দেখিছো। মোৰ দেউতাও একে সমস্যাতেই মৃত্যুবৰণ কৰিছিল ।”
অষ্ট্ৰেলিয়াৰ চিকিৎসক নীলেও দাবী কৰিছে যে কিছুমান ক’ভিড ভেকচিনে হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি কৰে। তেওঁৰ দাবী যে ক’ভিড ভেকচিন গ্ৰহণ কৰাৰ পিছত কমেও ২০ শতাংশ হাৰ্ট এটেক হোৱা ৰোগী দেখা গৈছে। তেওঁ এই বিশেষ ভেকচিন শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ দিমিত্ৰা মাস্কাৰেনহাছে এই খবৰ শুনি ক্ষুব্ধ আৰু হতাশ হৈ পৰে। কয়, “শ্বেন মোৰ বেষ্ট ফ্ৰেণ্ড আছিল। তেওঁৰ মৃত্যু ৰোধ কৰিব পৰা গ’লহেঁতেন। ক’ভিড ভেকচিন ন’ললে আজিও তেওঁ জীয়াই থাকিলহেঁতেন। এই ভেকচিন বাতিল কৰিবলৈ চিকিৎসকে দিয়া আহ্বানক মই সম্পূৰ্ণৰূপে সমৰ্থন কৰো।”