ৰাষ্ট্ৰীয় কাৰিকৰী উপদেষ্টা গোটৰ ক’ভিদ প্ৰতিষেধক সম্পৰ্কীয় বৈঠকত শিশু আৰু কিশোৰসকলক ভেকচিন প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। অহা মাৰ্চ মাহৰ ভিতৰত শিশু আৰু কিশোৰসকলক ভেকচিন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।
আনহাতে প্ৰাপ্তবয়স্কসকলক দুই পালি কভিদ ভেকচিন প্ৰদানৰ উপৰিও কভিদ বুষ্টাৰ প্ৰদান কৰাৰ কথাও আলোচনা কৰে। কিন্তু আই চি এম আৰে বুষ্টাৰ প্ৰদানৰ বিৰোধিতা কৰে।
কভিদৰ তৃতীয় ঢৌৰ পূৰ্বে শিশু কিশোৰক কভিদ ভেকচিন প্ৰদান কৰিলে অভিভাৱকসকলে কিছু পৰিমাণে সকাহ পাব। উল্লেখযোগ্য যে কভিদৰ তৃতীয় ঢৌৱে শিশুৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলাব বুলি পূৰ্বতে বিভাগীয় কৰ্তৃপক্ষই এক তথ্য প্ৰকাশ কৰিছিল।
আনহাতে ভাৰত বায়’টিকৰ অধীনত ২ ৰ পৰা ১৭ বছৰৰ বয়সৰ ব্যক্তিৰ বাবে কভিদ ভেকচিন ক’ভেক্সিনৰ পৰীক্ষা ইতিমধ্যে অন্তিম স্তৰত উপনীত হৈছে। ইতিমধ্যে ভাৰত চৰকাৰে ১৭ বছৰৰ লোকক ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিছে।