মঙলবাৰে উগ্ৰপন্থী সংগঠন চি পি আই(মাওবাদী) ৰ জ্যেষ্ঠ নেতা টিংৰাজ ওৰাঙে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথৰ ওচৰত আত্মসমৰ্পণ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই বিগত সময়ছোৱাত বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে আত্মসমৰ্পণৰ পথ বাছি লৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ উক্ত আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন তথা ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য আৰু বিশ্বাস প্ৰকাশ কৰি টিংৰাজ ওৰাং ওৰফে কমল মুণ্ডাই আত্মসমৰ্পণ কৰে।
ওৰাং চি পি আই(মাওবাদী) ৰ অসম জাতীয় সংগঠন সমিতি চমুকৈ এ এচ অ’ চিৰ আহ্বায়ক আৰু বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ আঞ্চলিক সমিতি, অসমৰ সাধাৰণ সম্পাদক আছিল। বামপন্থী সংগঠন এছ এফ আই আৰু চি পি আই(এম) ত যোগদান কৰি ওৰাঙে ১৯৮৯ ৰ পৰা ১৯৯৯ লৈ সদস্য হিচাপে কাম কৰি আছিল।
আদিবাসী চাহ জনগোষ্ঠীয় সুৰক্ষা সমিতিৰ সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰা নেতাজনে ই আৰ বি( ইষ্টাৰ্ণ ৰিজনেল ব্যুৰ’)ৰ কিষাণ দাৰ সহযোগত চি পি আই(এম) উগ্ৰপন্থী সংগঠনত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল।
টিংৰাজ ওৰাঙৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰণি জয়পুৰ ব্লকৰ ২নং শামুকতোলা গাঁৱত। ৪৯ বছৰীয়া ওৰাঙক ২০১১ চনত সংগঠনৰ আন দুজন সদস্য আদিত্য বৰা আৰু অজয় চাবৰৰ সৈতে উড়িষ্যাৰ ৰুড়কেল্লাত গ্ৰেপ্তাৰ কৰা হৈছিল।
দীৰ্ঘদিন ধৰি সংগঠনটোৰ সৈতে একাত্ম হৈ বৰাক-ব্ৰহ্মপুত্ৰত সাংগঠনিক ভেটি সুদৃঢ় কৰি তুলিবলৈ সক্ষম হোৱা টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণে নিশ্চিতভাৱেই দলটোক তীব্ৰ আঘাত হানিব।