কালি হাৰিয়ানা আৰক্ষীয়ে ক্ৰিকেটাৰ যুৱৰাজ সিঙক আটক কৰি আইন যে সকলোৰে কাৰণে সমান এই কথা পুনৰ এবাৰ প্ৰমাণ কৰে।
যোৱা বছৰ ক্ৰিকেটৰজনে ইনষ্ট্ৰাগাম ভিডিঅ’ত দলিতসকলৰ ওপৰত এক মন্তব্য প্ৰকাশ কৰিছিল। সেই সন্দৰ্ভত হাৰিয়ানাৰ এজন অধিবক্তাই হিচাৰৰ হান্সি থানাত এক গোচৰ ৰুজু কৰিছিল।
ক্ৰিকেটাৰজনে এই সন্দৰ্ভত জনাইছিল যে তেওঁৰ এই মন্তব্য ইচ্ছাকৃত নহয়। ইচ্ছাকৃত ভাবে কোনো সম্প্ৰদায়ক আঘাত কৰাৰ উদ্দেশ্য নাছিল। তেওঁৰ অজানিতে হোৱা এই ভুলৰ বাবে ৰাজহুৱাভাবে দলিত সম্প্ৰদায়ৰ ওচৰত ক্ষমা বিচাৰিছিল।
অৱশ্যে ক্ৰিকেটাৰজন কালি জামিন লাভ কৰে।