চি-টেট পৰীক্ষাৰ বাবে আজিৰ পৰা অনলাইনযোগে প্ৰদান কৰা হৈছে এডমিট কার্ড ৷অহা ১৬ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব চি-টেট পৰীক্ষা ৷ দুটা শাখাত পৰীক্ষাসমুহ অনুষ্ঠিত হ’ব ৷ পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ এটা শাখা আৰু বিয়লি ২.৩০ বজাৰ পৰা ৫ বজালৈ আনটো শাখাৰ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ পৰীক্ষার্থীসকলৰ পৰীক্ষাৰ সময় এডমিট কার্ডত উল্লেখ কৰা হৈছে ৷ ctet.nic.in ৱেবছাইটৰ পৰা পৰীক্ষার্থীসকলে এডমিট কার্ডসমূহ ডাউনলোড কৰিব পাৰিব ৷ এইবাৰ চি-টেটৰ পৰীক্ষাপদ্ধতি কিছু পৰিমানে সলনি কৰা হৈছে ৷ ইতিমধ্যে প্ৰশ্নকাকতৰ নমুনা মুকলি কৰি দিয়া হৈছে ৷ এইবাৰ অনলাইনযোগে চি-টেট পৰীক্ষা অনুষ্ঠিত হ’ব ৷