আজি ঘোষণা কৰা হ’ব বিশ্ববিদ্যালয়ৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা চমুকৈ চিইউইটিৰ ফলাফল ৷ নেচনেল টেষ্টিং এজেন্সীয়ে (এনটিএ) ইয়াৰ ফলাফল প্ৰকাশ কৰিব।প্ৰৱেশ পৰীক্ষাৰ ছটা পৰ্যায়ৰ যিকোনো এটাত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকলে চিইউইটি ইউজিৰ অফিচিয়েল ৱেবছাইটত নিজৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব ৷ cuet.samarth.ac.in যোগে প্ৰার্থীসকলে ফলাফল লাভ কৰিব ৷
১৬ জুলাইৰ পৰা ৩০ আগষ্টৰ ভিতৰত বিশ্ববিদ্যালয়সমূহত স্নাতক শাখাৰ নামভৰ্তিৰ বাবে এনটিএই প্ৰথমবাৰৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।
ভাৰতৰ ভিতৰৰ ৫৪৭খন চহৰ আৰু ভাৰতৰ বাহিৰৰ ১৩খন চহৰত ক্ৰমে শ্ৰীলংকা, কাটাৰ, দোহা, ইণ্ডোনেছিয়া, নেপাল, মালয়েছিয়া, বাহৰেইন, কুৱেইট, নাইজেৰিয়া, ওমান, চৌদি আৰব, শ্বাৰজাহ আৰু ছিংগাপুৰত এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল।১৪ লাখ প্ৰার্থীয়ে এই পৰীক্ষাত অৱতীর্ণ হৈছে ৷