বৰ্তমান সময়ত বিত্তীয় চাইবাৰ প্ৰবঞ্চনাৰ ফলত ধন হেৰুওৱা ভূক্তভোগী সকলৰ তাৎক্ষণিক সহায়ৰ বাবে অসম আৰক্ষীয়ে সামাজিক মাধ্যম টুইটাৰ যোগে আগবঢ়াইছে এক বিশেষ হেল্পলাইন নম্বৰ ৷ ২৪ ঘণ্টাৰ ভিতৰত এই নম্বৰত যোগাযোগ কৰি ভূক্তভোগীসকলে দ্ৰুত আৰু তাৎক্ষণিক সহায় লাভ কৰিব পাৰিব বুলি আৰক্ষী বিভাগৰ এই টুইট যোগে জানিব পৰা হৈছে৷
আশা কৰা হৈছে যে ১৫৫২৬০ এই নম্বৰত ২৪ ঘণ্টাৰ ভিতৰত যোগাযোগ কৰি এতিয়াৰ পৰা বিত্তীয় চাইবাৰ প্ৰবঞ্চকৰ কবলৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ব অসমৰ ৰাইজে ৷ অসম আৰক্ষীৰ এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ জৰিয়তে নিশ্চয়কৈ অসমৰ ৰাইজে অতিশীঘ্ৰেই পৰিত্ৰাণ পাব এই বিত্তীয় চাইবাৰ প্ৰবঞ্চকৰ চক্ৰৰ পৰা ৷