প্ৰৱঞ্চনাৰে লুণ্ঠনৰ জাল মেলিছে একাংশ চাইবাৰ অপৰাধীয়ে ৷ কলচেণ্টাৰ স্থাপন কৰি দেশ বিদেশৰ লোকক গ্ৰেপ্তাৰ কৰা এটা চাইবাৰ অপৰাধী চক্ৰ কিছুদিন পূর্বে আৰক্ষীৰ জালত পৰিছিল ৷ দিল্লীৰ পৰা আহি গুৱাহাটীত বাহৰ পতা আন এটা চাইবাৰ চক্ৰকো আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰিছে ৷ এইবাৰ চাইবাৰ অপৰাধীৰ লক্ষ্য হৈ পৰিছে বেলতলা কণিষ্ঠ মহাবিদ্যালয় ৷
চাইবাৰ অপৰাধীৰ জালত পৰিছে মহানগৰীৰ শিক্ষা প্ৰতিষ্ঠানখনৰ ভালেসংখ্যক শিক্ষাৰ্থী। বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ অশ্লীল ফটো ভাইৰেল কৰিছে দুষ্ট চক্ৰই ।সামাজিক মাধ্যমতএনেদৰে অশ্লীল ফটো ভাইৰেল কৰাৰ পাছতে শিক্ষার্থীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিগত ২৩ ছেপ্তেম্বৰৰ পৰা এগৰাকীৰ পাছত আন এগৰাকী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হৈ পৰিছে ৷ ইতিমধ্যে বশিষ্ঠ থানাত উপস্থিত হৈ ভুক্তভোগী ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ দাখিল কৰিছে ৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে ৷