VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন

শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবী দুই শতাধিক চাইকেলিষ্টৰ

voicedesk by voicedesk
May 31, 2023
in মুখ্য সংবাদ
বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীত চাইকেলাথন
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৩০ মে: এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম,অসমৰ উদ্যোগত কনজিউমাৰ ভয়েচ,নতুন দিল্লী, স্বাস্থ্য বিভাগৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষ আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত মঙল বাৰে গুৱাহাটীত চাইকেলাথন কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক চাইকেলিষ্টে অংশ লোৱা চাইকেলাথন কাৰ্যসূচী আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশীয়ে শিশু আৰু কিশোৰ সকলো ধঁপাতৰ প্ৰতি আকৃষ্ট হোৱা ঘটনা সমাজৰ বাবে যথেষ্ঠ ক্ষতিকাৰক বুলি মত প্ৰকাশ কৰে। ধঁপাত নিয়ন্ত্ৰণৰ বাবে থকা আইন কঠোৰ ভাবে কাৰ্য্যকৰী কৰাৰ লগতে ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে ভৱিষ্যত প্ৰজন্মক ইয়াৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰিব লাগিব বুলিও তেওঁ মত প্ৰকাশ কৰে।

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা পুৱা ৬ বজাত আৰম্ভ হোৱা চাইকেলাথন কাৰ্যসূচীৰ ফ্লেগ অফ কৰে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীলমাধৱ দাস, উপকৰ আয়ুক্ত ফুলেশ্বৰ বসুমতাৰী, ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডঃ অৰুন্ধতী ডেকা, ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ অধ্যাপক ডাঃ অশোক দাস, প্ৰতিষ্ঠানটোৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন (টাটা ট্ৰাষ্ট)ৰ ডাঃ সুব্ৰত চন্দা, নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱা, চাইকেলিং ফেডাৰেচন অফ ইণ্ডিয়াৰ যুটীয়া সচিব ডঃ তপন দাস আৰু কনজিউমাৰ ভয়েচ,নতুন দিল্লীৰ একতা পুৰোহিতে।

খানাপাৰাৰ পৰা উলুবাৰীহৈ পুনৰ খানাপাৰালৈ উভতি অহা চাইকেলিষ্ট সকলে ধঁপাত বিৰোধী আইন শক্তিশালী কৰাৰ দাবীৰে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে। ছাত্ৰ, খেলুৱৈ, চিকিৎসক, অধিবক্তা, সমাজ কৰ্মী, সাংবাদিক আদি সমাজৰ বিভিন্ন স্তৰৰ লোকে অংশ লোৱা চাইকেলাথন কাৰ্যসূচী পৰিচালনা কৰি কনজিউমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই নিজৰ ভাষণত শেহতীয়া গ্লোবেল য়ুথ টবাক চাৰ্ভেৰ উদ্ধৃতি দি কয় য়ে ভাৰতৰ ১৩-১৫ বছৰ বয়সৰ এক পঞ্চমাংশ ছাত্ৰ-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে। অসমত প্ৰায় ১২ শতাংশ ছাত্র-ছাত্ৰীয়ে ধঁপাত সেৱন কৰে। কৰ্কট ৰোগৰ অন্যতম কাৰণ ধঁপাত সেৱন। উপস্থিত বিশিষ্ট লোক সকলে বছৰটোৰ এটা দিনে নহয়, বৰং প্ৰতিটো দিনেই ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায়। তেওঁলোকে ধঁপাত ব্যৱহাৰৰ ভয়াবহতাৰ বিষয়ে ব্যাখ্যা আগবঢ়াই শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক ধঁপাতৰ ভয়াবহতাৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত ধঁপাত নিয়ন্ত্ৰণ আইনৰ অধিক শক্তিশালী কৰাৰ সপক্ষে দৃঢ় পোষণ কৰে। অনুষ্ঠানত চাইকেলিষ্ট সকলে এখন ধঁপাত মুক্ত সমাজ গঢ়াৰ শপত বাক্য পাঠ কৰে।

Previous Post

মল্লযুজাঁৰুৰ প্ৰতিবাদক লৈ চিন্তিত বিশ্ব সংস্থা ! ভাৰতীয় মল্লযুঁজ ফেডাৰেচনক বৰ্খাস্ত কৰাৰ ভাবুকি

Next Post

” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”, প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
” মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ”,  প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

" মই অভিনেতাৰ সমানেই পাৰিশ্ৰমিক পাওঁ", প্ৰিয়ংকাৰ পাৰিশ্ৰমিক সন্দর্ভত মন্তব্যক কটাক্ষ কংকনাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7