দেশৰ কেইবাখনো ৰাজ্য কোবাই যাব সাগৰীয় ধুমুহাই ৷ উত্তৰ আন্দামান সাগৰ – দক্ষিণ আন্দামান সাগৰ আৰু দক্ষিণ-পূব বংগ উপসাগৰৰ কাষৰীয়া অঞ্চলসমূহৰ ওপৰত সৃষ্টি হোৱা নিম্ন চাপৰ ঘূৰ্ণীবতাহ ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগ (আই এম ডি)-এ ।
বতৰ বিজ্ঞান কেন্দ্ৰ মতে, ২৪ অক্টোবৰৰ ভিতৰত এই ঘূর্ণীবতাহ উত্তৰ দিশলৈ গতি কৰিব ৷ পৰৱর্তী সময়ত পশ্চিমমধ্য আৰু পূব-মধ্য বংগ উপসাগৰৰ সংলগ্ন অঞ্চলসমূহৰ ওপৰত ছিটৰং নামেৰে নামাকৰণ কৰা এই ঘূৰ্ণীবতাহ ধুমুহালৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা অতি বেছি।
ইয়াৰ ফলত ২৪-২৫ অক্টোবৰত ওড়িশাৰ বিজুলী ধেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ তদুপৰি পশ্চিম বংগতো ২৪ ৰ পৰা ২৬ অক্টোবৰলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী দিয়া হৈছে ৷ এই সাগৰীয় ধুমুহাৰ ফলত নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো বৰষুণৰ সম্ভাৱনা আছে ৷ ঘূৰ্ণীবতাহৰ সম্ভাৱ্য স্থলভাগ, তীব্ৰতা আৰু বতাহৰ গতিৰ বিষয়ে এতিয়াও কোনো পূৰ্বাভাস দিয়া নাই বিভাগে ৷