১৫৭ বছৰীয়া কেইবাকোটি টকাৰ গৰাকী শ্বাপুৰজী পাল্লোনজি গ্ৰুপ(এছ পি গ্ৰুপ )ৰ আটাইতকৈ কনিষ্ঠ সন্তান চাইৰাছ মিস্ত্ৰীৰ কালি এক পথ দুৰ্ঘটনাত শোকাৱহভাৱে মৃত্যু ঘটে ৷ জুন মাহৰ শেষৰ ফালে ব্যৱসায়িক গ্ৰুপটোৰ পিতৃপুৰুষৰ মৃত্যুৰ পিছতে চাইৰাছ মিস্ত্ৰীৰ মৃত্যু অত্যন্ত ক্ষতিজনক বুলি বিবেচিত হৈছে ৷ মুম্বাই-আহমদাবাদ ঘাইপথত গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই দিনটোৰ পূৰ্বে থিতাতে মৃত্যু হোৱা চাইৰাছ (৫৪) পাল্লোনজি মিস্ত্ৰীৰ সৰু পুত্ৰ ৷ মৃত্যুৰ সময়ত পত্নী ৰোহিকুৱা আৰু দুজন পুত্ৰ ফিৰোজ আৰু জাহানক তেওঁ এৰি থৈ যায়।
টাটা গ্ৰুপৰ ১৮.৬ শতাংশ মালিকীস্বত্ব থকা প্ৰায় ৩০ বিলিয়ন ডলাৰৰ এই গ্ৰুপটো ১৮৬৫ চনত প্ৰয়াত পাল্লোনজি মিস্ত্ৰীয়ে (চাইৰাছ মিস্ত্ৰীৰ ককাক) লিটলউড পেলনজি এণ্ড কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিছিল। ২০২২ চনৰ ২৮ জুনত ৯৩ বছৰ বয়সত মৃত্যু হোৱা চাইৰাছৰ পিতৃ পাল্লোনজি মিস্ত্ৰীক ‘দ্য ফেণ্টম অৱ বম্বে হাউচ’ বুলি অভিহিত কৰা হৈছে।
ব্লুমবাৰ্গ বিলিয়নাৰ সূচাংক অনুসৰি ২০২২ চনত এছ পি গ্ৰুপৰ সম্পত্তিৰ পৰিমাণ হৈছে প্ৰায় ৩০ বিলিয়ন ডলাৰ। ২০১৬ চনৰ অক্টোবৰ মাহত টাটা গ্ৰুপৰ পৰা চাইৰাছ মিস্ত্ৰীক বাহিৰ কৰি দিয়া হৈছিল ৷
এছ পি গ্ৰুপে অভিযান্ত্ৰিক আৰু নিৰ্মাণ, ৰিয়েল এষ্টেট, গ্ৰাহক সামগ্ৰী আৰু সৌৰশক্তিৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে ৷ এই গ্ৰুপত বর্তমান ৫০ খনতকৈও অধিক দেশত ৫০ হাজাৰতকৈ অধিক লোকে কৰ্মৰত হৈ আছে।
২০১২ চনৰ ডিচেম্বৰ মাহত টাটা গ্ৰুপৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱাৰ পাছৰে পৰা চাইৰাছে নিজৰ পৰিয়ালৰ ব্যৱসায় পৰিচালনাত জড়িত নাছিল ৷ তেওঁলোকৰ পৰিয়ালৰ ব্যৱসায় ভাতৃ শ্বাপুৰ মিস্ত্ৰীৰহাতত অৰ্পণ কৰিছিল ৷
অভিযান্ত্ৰিক দক্ষতাৰ বাবে পৰিচিত শ্বাপুৰজী পাল্লোনজি এণ্ড কোম্পানী হৈছে দেশৰ আটাইতকৈ পুৰণি ঘৰুৱা অভিযান্ত্ৰিক আৰু নিৰ্মাণ কোম্পানী।এছ পি গোটে সমগ্ৰ এছিয়াতে সমৃদ্ধ হোটেল, ষ্টেডিয়াম, অট্টালিকা আৰু কাৰখানা নিৰ্মাণ কৰিছে।
দশক দশক ধৰি গোটটোৱে নিৰ্মাণ কৰা কিছুমান আইকনিক অট্টালিকাৰ ভিতৰত আছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয়, বি এছ ই টাৱাৰ, মুম্বাইৰ অবেৰ’ই হোটেল, ওমানৰ চুলতানৰ বাবে নীলা-সোণালী ৰঙৰ আল আলম প্ৰাসাদ আদি ৷ তদুপৰি বিশ্বৰ আটাইতকৈ ডাঙৰ শিৱৰ মূৰ্তি আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম মূৰ্তিৰ ভিতৰত অন্যতম ৰাজস্থানৰ নাথদ্বাৰত থকা প্ৰভু শিৱৰ প্ৰতিমূৰ্তি , ডুবাইৰ জুমেইৰা লেক টাৱাৰ আৰু মৰিচাছৰ এবেনে চাইবাৰ চিটিআদিও নির্মাণ কৰিছে প্ৰতিষ্ঠানটোৱে ৷
ইয়াৰ শেহতীয়া অভিযান্ত্ৰিক উল্লেখনীয় নির্মাণ কার্যসমূহ হ’ল চেনাব ৰেলৱে দলং,অটল সুৰংগ, ঢাকা-চট্টগং ৰেল কৰিডৰ , প্ৰথম কলকাতা মেট্ৰ’ আদি ৷ প্ৰতিষ্ঠানটোৱে মুম্বাইৰ ব্ৰাবৰ্ণ ষ্টেডিয়াম, নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম আৰু মুম্বাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচনো মাত্ৰ ২১ মাহত১.৬ কোটি টকাত নিৰ্মাণ কৰে। ২০১০ চনত দেশৰ সেই সময়ৰ আটাইতকৈ ওখ অট্টালিকা দ্য ইম্পেৰিয়েল নামৰএটা আৱাসিক টাৱাৰ মুম্বাইত নিৰ্মাণ কৰে। ২০০৩ চনৰ আৰম্ভণিৰ পৰা মিস্ত্ৰীৰ পৰিয়ালে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি আইৰিছ নাগৰিক হৈ পৰে।