লোকসভা নির্বাচনৰ পূর্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ কর্মচাৰীসকলক দিলে বৃহৎ উপহাৰ। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃদ্ধি হ’ব ৪ শতাংশ মৰগীয়া বানচ ( DA ) ৷ যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। এতিয়াৰে পৰা মুঠ ৫০ শতাংশকৈ মৰগীয়া বানচ লাভ কৰিব অসম চৰকাৰৰ কৰ্মচাৰী সকলে ।
লোকসেৱা ভৱনত গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি আজি পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই এই কথা ঘোষণা কৰে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কর্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰা হৈছিল ৷ ৰজ্য চৰকাৰৰ এই সিদ্ধান্তই স্বাভাৱিকতে চৰকাৰী কর্মচাৰীসকলক উৎফুল্লিত কৰি তুলিছে ৷