দৈনিক দেশত বৃদ্ধি পাইয়েই আছে ক’ভিডৰ সংক্ৰমন ৷ বিগত ২৪ ঘণ্টাত ২ লাখৰ ঘৰ অতিক্ৰম কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই ৷ আজি দেশত আক্ৰান্ত হৈছে মুঠ ২.৪৭ লাখ জন লোক ৷ তৃতীয় ঢৌৰ সময়ত এয়া হৈছে সর্বাধিক বৃদ্ধি ৷ ইয়াৰ লগে লগে দেশত ক’ভিডত আক্ৰান্ত লোকৰ সৎখ্যা ৩.৬৩ কো্টিলৈ বৃদ্ধি পালে ৷ ইয়াৰে ভিতৰত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছে ৫,৪৮৮ জন ৷ দৈনিক পজিটিভিটিৰ হাৰ হৈছে ১৩.১১ শতাংশ ৷ ইয়াৰ সমান্তৰালভাৱে সামগ্ৰিক ভাৱে দেশত প্ৰদান কৰা ভেকচিনৰ পালিৰ সংখ্যাই ১৫৪.৬১ কোটিৰ ঘৰ অতিক্ৰম কৰিছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ক’ভিডৰ ফলত প্ৰায় ৩৮০ জন লোকৰ মৃত্যু হৈছে।
ক’ভিড মহামাৰীৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে মহাৰাষ্ট্ৰ ৷ ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হৈছে ৪৬,৭২৩ জন ৷ এদিন পূর্বৰ তুলনাত এই সংখ্যা হৈছে ২৭ শতাংশতকৈয়ো অধিক ৷ তদুপৰি দিল্লীত ২৭,৫৬১ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ ইপিনে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব ৷ দেশৰ সমান্তৰালকৈ ৰাজ্যতো বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমন ৷ বুধবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে ৩,২৭৪ জন লোক ৷ ইয়াৰে সর্বাধিক সংখ্যক আক্ৰান্ত লোক গুৱাহাটীৰ ৷ মহানগৰী খনত মুঠ ১,১৩৮ জন লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ কালিৰ দিনটোত মৃত্যু হৈছে ৪ জন লোকৰ ৷