গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে ডাউদ ইব্ৰাহিম। কৰাচীৰ এখন চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে । পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক। অৱশ্যে এই সন্দৰ্ভত কোনোধৰণৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই।
ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মুম্বাই আৰক্ষীয়েও ডাউদৰ স্বাস্থ্যৰ সন্দৰ্ভত অনুসন্ধানৰ চেষ্টা চলাইছে। তেওঁলোকে ডাউদৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰিছে।
পাকিস্তানী সংবাদ মাধ্যমে দাবী কৰিছে যে কৰাচীৰ চিকিৎসালয়খনত ডাউদক কঠোৰ নিৰাপত্তাৰ অধীনত ৰখা হৈছে। চিকিৎসালয়খনৰ যি অংশত তেওঁক ৰখা হৈছে তাত আন কোনো ৰোগী ৰখা হোৱা নাই । কোনো লোকক সেই স্থানত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই ৷ সূত্ৰৰ পৰা জানিব পৰা মতে, যোৱা দুদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে ডাউদ।
কিয় হঠাতে ৬৫ বছৰীয়া ডাউদ অসুস্থ হ’ল , তাক লৈ ছ’চিয়েল মিডিয়াত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। চর্চা অনুসৰিকোনো লোকে ডাউডৰ খাদ্যত বিহ মিহলাই দিছিল ৷ সেই খাদ্য গ্ৰহণ কৰাৰ বাবেই তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে । অৱশ্যে এই খবৰ কোনো পক্ষই নিশ্চিত কৰা নাই। পাকিস্তানী সংবাদ মাধ্যমতো এই বিষক্ৰিয়াক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ডাউদৰ পৰিয়ালে বিভিন্ন সংবাদ মাধ্যমৰ আগত দাবী কৰিছে যে খাদ্যত বিহ মিহলোৱাৰ খবৰ ভিত্তিহীন।
আনহাতে, ডাউদৰ অসুস্থতাৰ খবৰৰ মাজতে পাকিস্তানৰ কেইবাটাও স্থানত ইণ্টাৰনেট চাৰ্ভাৰ বন্ধ হোৱাৰ খবৰ আহিছে। এক্স, ফেচবুক বা ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়াই কাম কৰা নাই। অতিৰিক্ত গোপনীয়তাৰ বাবে চাৰ্ভাৰটো এই অৱস্থাত ৰখা হৈছিল নেকি সেই সন্দৰ্ভতো জল্পনা-কল্পনা চলিছে।
দীৰ্ঘদিন ধৰি কৰাচীত বসবাস কৰি আহিছে ডাউদে। কিছুদিন পূৰ্বে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ইণ্টাৰ চাৰ্ভিচেছ ইনটেলিজেন্স (আই এছ আই)ৰ শীৰ্ষ সন্মানীয় পদত নিযুক্তি দিয়া হৈছে বুলি খবৰ ওলাইছিল। ফ্ৰী প্ৰেছ জাৰ্নেলৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ডাউডক পাক আই এছ আইৰ সহকাৰী সঞ্চালক প্ৰধান (এ ডি জি) হিচাপে নিযুক্তি দিয়া হৈছে। পাকিস্তানৰ চোৰাংচোৱা ব্যৱস্থালৈ আগবঢ়োৱা অৱদানৰ বাবে এই পদটো ডাউদক দিয়া হৈছিল।
মুম্বাই আৰক্ষী কনিষ্টবলৰ পুত্ৰ ডাউদ আশীৰ দশকত ভাৰতৰ পৰা ডুবাইলৈ পলাই গৈছিল। তাৰ পৰাই তেওঁ পাকিস্তানৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। কোৱা হয় যে ১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড আছিল ডাউদ ৷ তেওঁ পাকিস্তানৰ পৰা এই আক্ৰমণ চলাইছিল।
আমেৰিকাৰ পৰা ৰাষ্ট্ৰসংঘলৈকে সকলোৱে ডাউদক বিশ্বমানৰ সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হৈছে। অভিযোগ কৰা হৈছে যে তেওঁ আল কায়দা, তালিবানৰ সৈতে জড়িত আছিল। ওছামা বিন লাডেনৰ সৈতে কাম কৰিছিল ডাউদে ৷ ডাউডে বিশ্বব্যাপী অবৈধ ড্ৰাগছ সৰবৰাহৰ চক্ৰ চলায়। উগ্ৰপন্থী নেটৱৰ্ক ব্যৱহাৰ কৰি ব্যৱসায় চলায় গৈছে ডাউদে ৷