ৰাজ্যৰ কেইবাটাও গুৰুত্বপূর্ন সমস্যা সন্দর্ভত অনুষ্ঠিত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সন্মিলনত নিশা ১.১৫ বজা পর্যন্ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা ৷ ক্ষিপ্ৰ কল্যাণকামী সেৱাৰে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ কাষ চপাই নিয়া তথা আইন-শৃংখলাজনিত ব্যৱস্থাৱলীৰ সংস্কাৰৰ উদ্দেশ্যে বুধবাৰে পুৱাৰ পৰা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে পুৱা ১০.৩০ বজাৰ পৰা নিশা ১.১৫ বজালৈ প্ৰায় চৈধ্য ঘণ্টাজোৰা পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হয় ৷ পুৱাৰ ভাগত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন, মিছন বসুন্ধৰা ২.০ আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
তদুপৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে অনুষ্ঠিত বৈঠকত ড্ৰাগছ বিৰোধী অভিযানত বিভিন্ন জিলাই লাভ কৰা সফলতা, অপৰাধ নিয়ন্ত্ৰণ, প্ৰযুক্তিৰ ব্যৱহাৰ, আৰক্ষী আধুনিকীকৰণ আদি বহুকেইটা বিষয়ৰ ওপৰত পৰ্যালোচনা কৰি কেতবোৰ ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হয়।বৈঠকত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে৷