ৰহাৰ চাপৰমুখত চলন্ত ৰে’লত উদ্ধাৰ এক অচিনাক্ত মৃতদেহ ৷ ৰে’লৱে সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰা মৃতদেহটো প্ৰায় ৩০বছৰীয়া যুৱকৰ বুলি সন্দেহ কৰা হৈছে৷ মৃতদেহটো বৰ্তমান সময়লৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ পুৱতি নিশা নামনিমুৱা এক্সপ্ৰেছৰ পৰা মৃতদেহ উদ্ধাৰ হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰায় ৩০ বছৰীয়া যুৱকজনৰ মৃতদেহৰ পৰা আৰক্ষীয়ে এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো ধৰণৰ নথি-পত্ৰ ৷মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এটা ৰঙা বেগ আৰু এযোৰ জোতা৷ ইতিমধ্যে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷