গুৱাহাটী মহানগৰীত এতিয়াও হ্ৰাস পোৱা নাই হত্যা-আত্মহত্যাৰ ঘটনা ৷ মহানগৰীৰ চূণচালিৰ চেক্টৰ ১ত আজি উদ্ধাৰ কৰা হয় এক অচিনাক্ত যুৱকৰ মৃতদেহ ৷ চূণচালিৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ ৷ নলাটোৰ কাষত জিৰণি লোৱা লোকে হঠাৎ যুৱকজনৰ মৃতদেহ প্ৰতক্ষ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াৰ পিছত ঘটনাস্থলীত নুনমাটী আৰক্ষী উপস্থিত হয় ৷
মৃত যুৱকজনক ৰাজু থাপা বুলি চিনাক্ত কৰা হৈছে ৷ তথ্য অনুসৰি সুৰামত্ত অৱস্থাত আছিল যুৱকজন ৷ নলাটোৰ ওচৰতে আৰক্ষীয়ে যুৱকজনৰ এযোৰ চেণ্ডেল আৰু এটা পনীয়ৰ বটল উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে ৷ মৃত যুৱকজনৰ দেহত পোৱা আঘাতৰ চিন প্ৰতক্ষ কৰাৰ পিছত আৰক্ষীয়ে সন্দেহ কৰিছে যে নলাৰ কাষত জিৰণি লৈ থকা অৱস্থাত নলাত পৰি মৃত্যুক আকোৱালি ল’ব লগা হয় ৰাজু থাপা নামৰ সুৰামত্ত যুৱকজনে ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে৷