মহানগৰীত আজিকালি যেন সহজ হৈ উঠিছে হত্যা-লুণ্ঠনৰ ভয়াবহ ঘটনা ৷ আজি গুৱাহাটী মহানগৰীৰ সাতগাঁও অঞ্চলত পুনৰ উদ্ধাৰ হৈছে এক অচিনাক্ত যুৱকৰ মৃতদেহ ৷ সাতগাওঁ অঞ্চলৰ পূবেৰুণ নগৰৰ পথৰ দাঁতিত আজি পুৱা প্ৰায় ৫.৩০বজাত এজন লোকক পৰি থকা অৱস্থাত প্ৰতক্ষ কৰি এজন স্থানীয় লোকে সাতগাঁও আৰক্ষীক খবৰ দিয়ে ৷ ইতিমধ্যে লোক জনক সাতগাঁৱ অঞ্চলৰে বাসিন্দা ইজাক মাৰাক বুলি চিনাক্ত কৰা হৈছে ৷
সাতগাঁও আৰক্ষী বিষয়া মনজিৎ কুমাৰ বুঢ়াগোঁহায়ে ২২বছৰীয়া যুৱক ইজাক মাৰাক এটা গেৰেজত কৰ্মৰত হৈ আছিল বুলি জানিবলৈ দিয়ে ৷ আনহাতে তেওঁ কয় যে, স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে উদ্ধাৰ কৰা ইজাকৰ দেহত কোনো ধৰণৰ বাহ্যিক আঘাটৰ চিন প্ৰতক্ষ কৰা নাই ৷
জানিব পৰা মতে আজি পুৱা প্ৰায় ৫.৩০বজাত সাতগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷