VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শতিকাৰ আটাইতকৈ মাৰাত্মক বনজুই, হাৱাইত ৯৩ জন লোকৰ মৃত্যু

voicedesk by voicedesk
August 14, 2023
in মুখ্য সংবাদ
শতিকাৰ আটাইতকৈ মাৰাত্মক বনজুই, হাৱাইত ৯৩ জন লোকৰ মৃত্যু
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

হাৱাইত বনজুইৰ ফলত নিশাটোৰ ভিতৰতে মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩লৈ বৃদ্ধি পাইছে ৷বনজুইৰ ফলত জ্বলি যোৱা মৃতদেহবোৰৰ অৱস্থা ইমানেই দুখজনক যে ডি এন এ পৰীক্ষা অবিহনে চিনাক্তকৰণৰ কোনো গত্যন্তৰ নাছিল ৷  যোৱা ১০০ বছৰত আমেৰিকাত সংঘটিত বনজুইৰ ভিতৰত এইবাৰেই মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক বুলি ধাৰণা কৰা হৈছে।

 

যোৱা মঙলবাৰে হাৱাইৰ মাউই কাউন্টিৰ লাহাইনাত বনজুই সংঘটিত হয়। চহৰৰ ওচৰৰ পাহাৰবোৰত প্ৰথমে জুই লাগে । ড’ৰা হাৰিকেনে ইন্ধন যোগোৱা জুই দ্ৰুতগতিত পাহাৰৰ পাদদেশৰ লাহাইনা আৰু কুলালৈ বিয়পি পৰে। ইমানবোৰ মানুহৰ মৃত্যুত প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

 

লাহাইনাত ১২ হাজাৰ লোক বসবাস কৰে। সাগৰৰ পাৰৰ চহৰখন এতিয়াও জ্বলি আছে। চকুৱে যিমানদূৰ দেখা পায়, জ্বলি যোৱা ঘৰৰ ধ্বংসাৱশেষ, জ্বলি যোৱা গাড়ীৰ শাৰী আৰু মাজে মাজে জ্বলি যোৱা গছৰ ডালবোৰ ৰাস্তাৰ কাষত দ’ম বান্ধি আছে । স্থানীয় ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকে দাবী কৰে যে যদি প্ৰশাসনে অলপ বেছি সক্ৰিয় হ’লহেঁতেন, সময়মতে সকলোকে সতৰ্কবাণী প্ৰেৰণ কৰিলেহেঁতেন, তেন্তে ইমানবোৰ মানুহৰ মৃত্যু নহ’লহেঁতেন। লাহাইনাৰ বাসিন্দা ভিলমা ৰিডে কয়, “মই কেতিয়া গম পালোঁ যে চহৰখনত অগ্নিকাণ্ড সংঘটিত হৈছে? যেতিয়া মোৰ ঘৰৰ বিপৰীতে ৰাস্তাত জুই লাগি থকা দেখিলোঁ। মৃত্যু সন্মুখত থিয় হৈ আছে।”

 

লাহাইনা প্ৰশাসনে অৱশ্যে জৰুৰী উদ্ধাৰ অভিযানত নামি পৰা বুলি জানিবলৈ দিয়ে। গৃহহীন লোকৰ বাবে মুকলি কৰা হৈছে সাহায্য শিবিৰ। প্ৰশাসনে অগ্নিকাণ্ড সংঘটিত হোৱা চহৰখনত প্ৰৱেশ নিষিদ্ধ কৰিছে। লগতে কুলা আৰু লাহাইনাৰ বাসিন্দাক  পাইপযোগে যোগান ধৰা পানী নাখাবলৈ কোৱা হৈছে ৷ কাৰণ, বহুতো স্থানত পাইপ ফাটি যোৱাৰ বাবে পানীত ৰাসায়নিক সামগ্ৰী মিহলি হোৱাৰ আশংকা কৰা হৈছে ৷

 

১৯৪৬ চনত হাৱাইত হোৱা ছুনামীত ১৫০ জন লোকৰ মৃত্যু হয়। তাৰ পিছত অলপ সময়ৰ ভিতৰতে জৰুৰীকালীন সতৰ্কবাণী বিয়পাবলৈ চাইৰেন লগোৱা হ’ল। যিসকলে এই যাত্ৰাত প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হৈছে তেওঁলোকে কয় যে তেওঁলোকে কোনো ছাইৰেন শুনা নাছিল। অভিযোগ অনুসৰি অবিশ্বাস্য বেগেৰে জুই বিয়পি পৰে। প্ৰস্তুতি চলাবলৈ সময় পোৱা নাছিল।

Previous Post

নিলাম হ’ব ‘টাইটানিক’ত কেট উইন্সলেটে পৰিধান কৰা গোলাপী অভাৰকোট, দাম শুনিলে চকু কপালত উঠিব আপোনাৰ !!

Next Post

চন্দ্ৰত উপনীত হ’বলৈ বাকী মাত্ৰ ১৭৭ কিলোমিটাৰ ,চন্দ্ৰযান-৩য়ে সোমবাৰে সলনি কৰিলে আন এক কক্ষপথ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চন্দ্ৰত উপনীত হ’বলৈ বাকী মাত্ৰ ১৭৭ কিলোমিটাৰ ,চন্দ্ৰযান-৩য়ে সোমবাৰে সলনি কৰিলে আন এক কক্ষপথ

চন্দ্ৰত উপনীত হ’বলৈ বাকী মাত্ৰ ১৭৭ কিলোমিটাৰ ,চন্দ্ৰযান-৩য়ে সোমবাৰে সলনি কৰিলে আন এক কক্ষপথ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7