৫১ ডিগ্ৰী স্পৰ্শ কৰিলে চৌদি আৰৱৰ তাপমাত্ৰা। একে সময়তে হজৰ বাবে দেশখনত ভিৰ বাঢ়িছে ৷ ফলত এই পৰ্যন্ত ৫৫০ জন হজযাত্ৰীৰ মৃত্যু হৈছে বুলি ছৌদি আৰৱ প্ৰশাসনে প্ৰকাশ কৰিছে। মৃত্যু হোৱাসকলৰ অধিকাংশই মিচৰৰ পৰা আহিছিল। জৰ্ডানৰ বাসিন্দাও আছে মৃত লোকসকলৰ ভিতৰত।
ইছলামিক কেলেণ্ডাৰ অনুসৰি শুকুৰবাৰে হজ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে ছৌদি আৰৱ চৰকাৰে। কিন্তু এইবাৰ নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰিপ আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। যুদ্ধৰ পৰিৱেশত যিকোনো দূর্ঘটনাৰ সম্ভাৱনাৰ পৰা হাত সাৰিবলৈ ছৌদি আৰৱৰ হজ আৰু উমৰা মন্ত্ৰালয়ে এইবাৰ হজযাত্ৰীসকলৰ বাবে কেইবাটাও নিষেধাজ্ঞা জাৰি কৰিছে।
হজ আৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকৰ আগমন ঘটিছে ছৌদি আৰৱলৈ। প্ৰশাসনৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত প্ৰায় ১৮ লাখ লোক হজলৈ আহিছে। তাৰ ভিতৰত বিদেশৰ পৰা আহিছে ১২ লাখ তীৰ্থযাত্ৰী। ভিৰ আৰু গৰমৰ বাবে বহু লোক অসুস্থ হৈ পৰিছে। চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসুস্থ লোকসকল । চিকিৎসালয়সমূহে দাবী কৰিছে যে অধিকাংশ লোকৰ মৃত্যু হৈছে হিট ষ্ট্ৰ’কৰ বাবে। চৌদি আৰৱৰ প্ৰশাসনেও গৰমৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ তীৰ্থযাত্ৰীসকলক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছে। তীৰ্থযাত্ৰীক সতৰ্ক কৰি দিবলৈ বিভিন্ন স্থানত মাইকযোগে ঘোষণাও কৰা হৈছে।