মহাভাৰতৰ ভীমৰ চৰিত্ৰ ৰূপায়ন কৰি সমগ্ৰ দেশবাসীৰ বিপুল সমাদৰ লাভ কৰা জনপ্ৰিয় অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে নিশা মৃত্যু ঘটে ।
বি আৰ চোপ্ৰাৰ মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ ৭৫ বছৰ বয়সত মৃত্যু হয়। কুমাৰৰ জীয়ৰী নিকুনিকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ বাসগৃহত মৃত্যুক আঁকোৱালি লয় অভিনেতা গৰাকীয়ে ৷
ভীমৰ চৰিত্ৰত শক্তিশালী অভিনয়েৰে দৰ্শকক মুগ্ধ কৰাৰ উপৰিও কুমাৰে অমিতাভ বচ্চন অভিনীত শ্বেহেনশ্বাহ আৰু ধৰ্মেন্দ্ৰ অভিনীত লোহাকে ধৰি বহুতো চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা আন চলচ্চিত্ৰসমূহৰ ভিতৰত আছে আজ কা অৰ্জুন, আজুবা, ঘায়ল আদিকে ধৰি ভালেকেইখন জনপ্ৰিয় ছবি৷
এজন অভিনেতা হোৱাৰ উপৰিও প্ৰবীণ কুমাৰ আছিল এজন ডিচকাচ থ্ৰো এথলীট। চাৰিবাৰ এছিয়ান গেমছ পদক বিজয়ী প্ৰবীণ কুমাৰে ১৯৬৮চনত মেক্সিকো আৰু ১৯৭২চনত মিউনিচ অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। আনহাতে তেওঁক অৰ্জুন বঁটাৰেসন্মানিত কৰা হৈছিল।দেশৰ সীমান্ত সুৰক্ষা বাহিনীত (বিএছএফ) উপ-কমাণ্ডেণ্ট হিচাপেও কাম কৰিছিল জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট ক্ৰীড়াবিদ প্ৰবীণ কুমাৰ চবতিয়ে ।
কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ মৃত্যুৰ ঠিক পিছদিনাই পুনৰ এগৰাকী বিশিষ্ট অভিনেতা তথা ক্ৰীড়াবিদৰ মৃত্যুত সমগ্ৰ দেশতে পৰিছে গভীৰ শোকৰ ছাঁ ৷