VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলিয়াবৰ পূবথৰীয়াৰ পৰম বৈষ্ণৱ অনন্তৰাম বৰাৰ পৰলোকপ্ৰাপ্তি, অঞ্চলত শোক

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
January 18, 2023
in মুখ্য সংবাদ
কলিয়াবৰ পূবথৰীয়াৰ পৰম বৈষ্ণৱ অনন্তৰাম বৰাৰ পৰলোকপ্ৰাপ্তি, অঞ্চলত শোক
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ কলিয়াবৰ পূৱথৰীয়া নিবাসী পৰম বৈষ্ণৱ অনন্তৰাম বৰা(৬১)ৰ আজি নিশা পৰলোকপ্ৰাপ্তি ঘটে । অত্যন্ত বিনয়ী আৰু মাৰ্জিত স্বভাৱৰ বৰা দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত ২০২২ চনৰ এপ্ৰিল মাহত তেজপুৰ এন চি চি কাৰ্যালয়ৰ পৰা উচ্চ বৰ্গৰ সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। সৰুৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নীতি আদৰ্শৰে অনুপ্ৰাণিত হোৱা বৰাই জীৱন কালত পূৱথৰীয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ সমান্তৰালকৈ কলিয়াবৰ মহকুমা আৰু নগাঁও জিলাৰো বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।

১৯৬২ চনত প্ৰয়াত হলধৰ বৰাৰ ঔৰসত আৰু তৰামাই বৰাৰ গৰ্ভত জন্মগ্ৰহণ কৰা বৰাই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা কলিয়াবৰতে গ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণৰে ১৯৮১ চনত নগাঁও জিলা সংমণ্ডলৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত নিযুক্তি লাভ কৰে। পৰৱৰ্তী সময়ত পূৰ্বৰ চাকৰি ইস্তফা দি ১৯৮৮ চনত নগাঁও জিলা ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত নিযুক্তি লাভ কৰে । পুনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ চাকৰিও ইস্তফা দি ২০০৯ চনত গুৱাহাটীৰ ৫০ অসম এ আৰ স্কোৱাড এন চি চিত উচ্চ বৰ্গৰ সহায়ক হিচাপে নিযুক্তি লাভ কৰি একেটা বিভাগত থাকি তেজপুৰৰ কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অত্যন্ত মেধা সম্পন্ন ব্যক্তি বৰাই কলিয়াবৰ অঞ্চলত এটা সাংস্কৃতিক,বৌদ্ধিক আৰু ধৰ্মীয় ভেটি গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । খোল বাদন,নাম প্ৰসংগ,বৰগীত পৰিবেশন, ভাগৱত ব্যাখ্যা,ভাওনা প্ৰদৰ্শনকে ধৰি বিভিন্ন সাংস্কৃতিক দিশত আগৰণুৱা বৰাই নিজে উদ্যোগ লৈ অঞ্চলটোৰ নতুন প্ৰজন্মক গুৰুজনাৰ নীতি আদৰ্শৰে দীক্ষিত কৰাৰ প্ৰয়াস কৰাৰ সমান্তৰালকৈ বিবাহ আচাৰ্য আৰু নামাচাৰ্য হিচাপে সমগ্ৰ জিলাখনতে এক সুকীয়া আসন লাভ কৰিছিল। অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত নিবিড়ভাৱে জড়িত থকা বৰা দীৰ্ঘদিন ধৰি অনুষ্ঠানটোৰ কেন্দ্ৰীয় হিচাপ পৰীক্ষক হিচাপে নিযুক্ত আছিল ।

তাৰোপৰি কলিয়াবৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হিচাপ পৰীক্ষক,ওপৰ পূৱথৰীয়া বুঢ়া নামঘৰৰ পৰিচালনা সমিতিৰ সম্পাদক,বঢ়াৰ পো প্ৰাথমিকৰ সভাপতি,২০১২ চনত কলিয়াবৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ মূল বিষয়বাবত থকা বৰাই পৰলোকপ্ৰাপ্তিৰ সময়ত মাতৃৰ উপৰি পত্নী,পুত্ৰ,কন্যাৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় । উল্লেখ্য যে প্ৰয়াত বৰা সমালোচক,কবি কুমাৰ বিভূতিৰ শহুৰ । বৰাৰ বিয়োগৰ খবৰত মৰ্মাহত হৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক হৰিপ্ৰসাদ হাজৰিকা,বিশিষ্ট চিকিৎসক ডাঃ হেমন্ত কুমাৰ গোস্বামী,একালৰ সহপাঠী শেৱালী বৰা,ভোগেশ্বৰ শ‌ইকীয়াকে ধৰি বিভিন্ন ব্যক্তি,দল,সংগঠন,অনুষ্ঠান- প্ৰতিষ্ঠানৰ মুৰব্বীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত বৈষ্ণৱ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । বৰাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

Previous Post

নতুন দিল্লীৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগেদি বৈঠকত মিলিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

Next Post

কামৰূপ মহানগৰ জিলা উপায়ুক্তকৰ কাৰ্যালয়ৰ সভাকক্ষত কন্যা শিশু দিৱস

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কামৰূপ মহানগৰ জিলা উপায়ুক্তকৰ কাৰ্যালয়ৰ সভাকক্ষত কন্যা শিশু দিৱস

কামৰূপ মহানগৰ জিলা উপায়ুক্তকৰ কাৰ্যালয়ৰ সভাকক্ষত কন্যা শিশু দিৱস

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7