অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰা অসমৰ এগৰাকী স্বনামধন্য লেখিকা,বুৰঞ্জীবিদ তথা নাট্যকাৰ ড০ অণিমা গগৈ ৷ যাৰ কালি সন্ধিয়া জি.এম.চি.এইচত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৪বছৰ ৷
২০১৭চনত লেখিকা সংস্থা অসমৰ পৰা ‘জীৱনজোৰা সাধনা বঁটা’ লাভ কৰোঁতা অসমৰ স্বনামধন্য লেখিকা গৰাকীৰ জন্ম হৈছিল ১৯৪৮চনৰ ১মাৰ্চত, সোণাৰীত ৷ স্বৰ্গীয় অনন্ত ফুকন আৰু স্বৰ্গীয় গুণবালা ফুকনৰ সুযোগ্য কন্যা অণিমা ফুকন অণিমা গগৈ হৈ পৰিছিল ড০প্ৰফুল্ল কুমাৰ গগৈৰ (স্বৰ্গীয়) লগত বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত ৷ যোৰহাটৰ দেৱীচৰণ বালিকা মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী লাভ কৰি চৰাইদেউৰ সাপেখাটিৰ চতিয়নাগুৰি পূৰ্বাঞ্চল হাইস্কুলত প্ৰতিষ্ঠাপক সহঃ প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰে ড০ অণিমা গগৈয়ে ৷ অৱশ্যে ১৯৫৯চনত তেওঁ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত দায়িত্ব গ্ৰহণ কৰে আৰু ২০০৭চনত এই বিভাগৰ গুৱাহাটী কাৰ্য্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷
তেওঁৰ সৃষ্টিৰাজিৰ বাবে বিশিষ্ট লেখিকা তথা বুৰঞ্জীবিদ ড০ অণিমা গগৈয়ে ২০০৯চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰাৰ উপৰিও ড০ আম্বেদকাৰ ফেল’শ্বিপ ৰাষ্ট্ৰীয় বঁটা,বাণী পাঠক সোঁৱৰণী মৌলিক শিশু উপন্যাস পুৰষ্কাৰ ,বীৰাংগনা জয়মতী বঁটাৰ লগতে কাব্যশ্ৰী বঁটা আদিও লাভ কৰে ৷
লেখিকা সংস্থা,অসম (মধ্য গুৱাহাটী শাখা),দিছপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদ ,মে নাং ৰাই সমিতি ,অসম সাহিত্য সভা,সতী জয়মতী স্মৃতি ট্ৰাষ্ট ছছাইটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল ড০ অণিমা গগৈ ৷
৫০খনতকৈও অধিক বুৰঞ্জীমূলক গ্ৰন্থ,ঐতিহাসিক চৰিত্ৰভিত্তিক নাটক আগবঢ়াই অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াল চহকী কৰা ড০ অণিমা গগৈয়ে স্বামীৰ মৃত্যুৰ পিছত বহু সংগ্ৰামৰ মাজেদি নিজৰ সন্তানসকলক লালন-পালন কৰে ৷ এগৰাকী শক্তিশালী নাৰী তথা এগৰাকী সুযোগ্য মাতৃ হিচাপে তেখেত সকলো নাৰীৰ বাবেই যেন এক আদৰ্শ ৷
আকস্মিকভাৱে হৃদৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে সন্ধিয়া জি.এম.চি.এইচৰ আই.চি.ইউত শেষ নিস্বাস ত্যাগ কৰা লেখিকা গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ দুই পুত্ৰ অকাশজ্যোতি গগৈ,প্ৰকাশজ্যোতি গগৈ ,কন্যা হিমামণি গগৈকে আদি কৰি তেওঁৰ পৰিয়ালৰ প্ৰতিজন সদস্য আৰু আত্মীয় স্বজন ৷ লগতে এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অসমৰ সাহিত্য জগতত ৷ নিশ্চয়কৈ তেখেতৰ মৃত্যু অসমৰ বাবে হৈ ৰ’ব এক অপূৰণীয় ক্ষতি ৷