তামিলনাডুৰ কুন্নুৰত ৮ ডিচেম্বৰত সংঘটিত হোৱা শোকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ চি ডি এছ জেনেৰেল বিপিন ৰাৱট আৰু আন ১২ জনলোকৰ মৃত্যু হোৱাৰ পিছত উদ্ধাৰ হোৱা গ্ৰুপ কেপ্টেইন বৰুণ সিঙক তামিলনাডুৰ কুনুৰৰ ৱেলিংটনৰ পৰা স্থানান্তৰিত হোৱাৰ পিছত বেংগালুৰুৰ এখন সামৰিক চিকিৎসালয়ত দুৰ্ঘটনাত শৰীৰ গুৰুতৰভাৱে জ্বলি যোৱাৰ বাবে চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷কিন্তু আজি সময়ৰ ওচৰত বশ্যতা স্বীকাৰ কৰি কেইবাদিনো ধৰি সাহসিকতাৰে জীৱন যুঁজত অৱতীৰ্ণ হৈ আজি পুৱা বিদায় মাগিলে সাহসী কেপ্টেইন গৰাকীয়ে৷
দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ আজি ৰাতিপুৱা দেহ ত্যাগ কৰা সাহসী গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত আন্তৰিক সমবেদনা জ্ঞাপন কৰি আইএএফ প্ৰতি মূহুৰ্ততে শোকসন্তপ্ত পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দি আছে বুলি বায়ু সেনাৰ এক বিবৃতি যোগে প্ৰকাশ পাইছে ৷
টুইটাৰ আৰু বিভিন্ন সামাজিক মাধ্যম যোগে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে শ্বহীদ গৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাইছে দেশৰ বিভিন্ন মহলে ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি বাৰ্তাৰ যোগেদি শ্বহীদ বৰুণ সিঙক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে —
“গ্ৰুপ কেপ্টেইন বৰুণ সিঙে গৌৰৱ, বীৰত্ব আৰু পৰম পেছাদাৰীতাৰে দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল। তেওঁৰ মৃত্যুত মই অত্যন্ত দুখিত। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সমৃদ্ধ সেৱা দেশে কেতিয়াও পাহৰিব নোৱাৰিব। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি,”
দেশৰ আন এজন সাহসী নেতাৰ এই বিয়োগৰ খবৰে সমগ্ৰ দেশতে গভীৰ শোকৰ ছাঁ পেলাই