এগৰাকী সমাজ কৰ্মী, অনাথ সকলৰ অভিভাবক তথা মাতৃ পদ্মশ্ৰী সিন্ধু টাই চপকালেৰ মংগলবাৰে পুনেত দেহাৱসান ঘটে। জানিবপৰা মতে মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩বছৰ । সিন্ধু টাই এনে এগৰাকী মহিয়সী নাৰী আছিল যাৰ ব্যক্তিত্বই জাতি-ধৰ্সম-বৰ্ণ নিৰ্বিশেষে সকলোকে আকৰ্ষিত কৰিছিল।
সমাজ তথা শিশুসকলৰ বাবে তেওঁৰ যি ত্যাগ তাক সন্মান জনায় তেওঁৰ জীৱিত কালতে ২০১০চনত তেওঁৰ জীৱনৰ আধাৰত এখন মাৰাঠী চলচিত্রইও মুক্তি লাভ কৰিছিল। ছবিখনৰ নাম আছিল ‘মি সিন্ধু টাই চপকল’ ।
পদ্মশ্ৰী সিন্ধু টাইৰ মৃত্যু সমগ্ৰ দেশৰ বাবেই এক অপূৰণীয় খ্যতি হৈ ৰ’ব ৷