অসমৰ কস্তুৰবা গান্ধী আশ্ৰমৰ পৰিচালিকা হিচাপে নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়োৱা তথা দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত শকুন্তলা চৌধুৰীৰ ২০তাৰিখে নিশা ১০বজাত দেহাৱসান ঘটে ৷ বাৰ্ধক্যজনিত ৰোগত শেষ নিস্বাস ত্যাগ কৰা চৌধুৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ১০২ বছৰ ৷
উল্লেখ্য যে অসমৰ এগৰাকী লেখত ল’বলগীয়া ব্যক্তি আছিল সমাজ কৰ্মী শকুন্তলা চৌধুৰী ৷ গুৱাহাটীৰ কস্তুৰবা গান্ধী আশ্ৰমত পৰিচালিকা হিচাপে দায়িত্ব পালন কৰা শকুন্তলা চৌধুৰীয়ে নাৰী সৱলীকৰণ আৰু সমাজ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল ৷
২০২১চনত কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আগবঢ়োৱা ‘বয়োষেষ্ঠা’ সন্মানেৰে তেওঁক সন্মানিত কৰিছিল ৷ আনহাতে ২০২২ বৰ্ষত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীৰেও সন্মানিত কৰে ৷
মহিয়সী গৰাকীৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে গভীৰ শোক প্ৰকাশ কৰি কৈছে যে –‘সততা,সৰলতা আৰু অহিংসা নীতিৰে গুৱাহাটীৰ শৰণীয়া আশ্ৰমত নিস্বাৰ্থ ভাৱে নিজৰ জীৱন উৎসৰ্গা কৰা ,য’ত ১৯৪৬চনত মহাত্মা গান্ধীও আহি থাকিছিল,সেইগৰাকী মহান ব্যক্তিৰ আত্মাৰ সদগতি কামনা কৰিলোঁ ‘৷
Deeply anguished at the passing away of veteran Gandhian and Padma Shri Shakuntala Choudhary.
Her life was devoted to selfless service, truth, simplicity and non-violence at Sarania Ashram, Guwahati where Mahatma Gandhi had stayed in 1946.
My prayers for her sadgati Om Shanti! pic.twitter.com/MwjwsfTbYa
— Himanta Biswa Sarma (@himantabiswa) February 20, 2022