VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বকোৰ ডেকাচাঙত জলজলী সাহিত্য সভাৰ কবি সন্মিলনত দীপক শৰ্মা

অসমত বৰ্তমান এক লাখ কবিয়ে কাব্য চৰ্চা কৰি আছে

voicedesk by voicedesk
April 2, 2022
in মুখ্য সংবাদ
বকোৰ ডেকাচাঙত জলজলী সাহিত্য সভাৰ কবি সন্মিলনত দীপক শৰ্মা
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

বকো, ২ এপ্রিল : কামৰূপ জিলা সাহিত্য সভাৰ অন্তৰ্গত বকো বিধান সভা সমষ্টিৰ অধিনৰ “জলজলী আঞ্চলিক শাখা সাহিত্য সভা”ৰ সৌজন্যত আজি “ডেকাচাং আঞ্চলিক হাইস্কুল” প্ৰাংগণত এখনি কবি সন্মিলনৰ আয়োজন কৰে। সেই উপলক্ষে পুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তি আব্দুল ৰহিমে।

ইয়াৰ পিছত দিনৰ ১২ বজাত শিক্ষাবিদ মনচুৰ ৰহমান খানৰ সভাপতিত্বত আৰু মেঘালয়ৰ উত্তৰ গাৰোপাহাৰৰ বাংশী আপাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক আলতাব মজুমদাৰৰ সঞ্চালনাত কবি সন্মিলন অনুষ্ঠিত হয়। শাখা সভাৰ সভাপতি আলাউদ্দিন আল আমিনে আদৰণি ভাষণ দিয়া, সম্পাদক আমিনুল হকে উদ্দেশ্য ব্যাখ্যা কৰা সভাত “বহুভাষিক সাহিত্য মঞ্চ, অসম”ৰ প্ৰধান সম্পাদক, সাংবাদিক, কবি দীপক শৰ্মাই মুখ্য অতিথি হিচাপে ভাষণ দি কয়- অসমত বৰ্তমান এক লাখ কবিয়ে কাব্য চৰ্চা কৰি আছে।

ই অসমীয়া জাতিটোৰ বাবে শুভ লক্ষণ। কবিৰ হৃদয় পবিত্র হ’ব লাগে। পবিত্র হৃদয়ত ঈশ্বৰ-আল্লা,গড- ফাদাৰে বাস কৰে। কবিৰ সংখ্যা বাঢ়িছে যদিও মানবিশিষ্ট কবিৰ সংখ্যা কম। অসমীয়া কবিতা সাহিত্যৰ বাবে সৌভাগ্য যে অসমৰ বৰেণ্য কবি নীলমণি ফুকনে এইবেলি জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে।ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য,ড০ মামণি ৰয়ছম গোস্বামীৰ পিছত তৃতীয় জন অসমীয়াই জ্ঞানপীঠ বঁটা লাভ কৰিছে।

” সভাত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ আজমল হক, গৰৈমাৰী ফখৰুদ্দিন আলী আহমদ মহাবিদ্যালয়ৰ প্ৰবক্তা বেগম ৰুণা লাইলা মজুমদাৰ, গৰৈমাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমান, সমাজসেৱী গীতাঞ্জলি গগৈ, কবি নুৰ নাহাৰ জিয়া, সোণতলী সাহিত্য সভাৰ সভাপতি ছামছুল আলম ভূঞা, কবি স্বপ্না শৰ্মা, কবি সুৰেণ চন্দ্র বড়োই আমন্ত্রিত অতিথি হিচাপে অংশলৈ কবিতাৰ লগতে সাম্প্রতিক সময়ৰ সাহিত্য চৰ্চাৰ ওপৰত আলোকপাত কৰে।

কবি সন্মিলনত আব্দুল হক, এনী বাইদেউ, দীম্পি কলিতা, বৰষা কলিতা, ড০ আটাউৰ ৰহমান, আব্দুল কালাম আজাদ, ববিতুল ইছলাম, ৰেহেনা পাৰবিন, আব্দুল হালিম, গায়ত্রী কলিতা, ৰুণুমা পাৰবিন, জাহাংগীৰ শ্বাহ, নেকিবুজ জামান, জাহানুৰ ৰহমান, মইনুল হক আদি দক্ষিণ কামৰূপ, গুৱাহাটী, গোৱালপাৰা, বৰপেটা, মেঘালয়ৰ পৰা দুই শতাধিক কবিয়ে কবিতা পাঠ কৰে। কেইবাজনো ছাত্র-ছাত্ৰীয়ে গীত গোৱাৰ লগতে নৃত্য পৰিবেশন কৰি পৰিৱেশ সৌষ্ঠৱ বৰ্দ্ধন কৰে।

Previous Post

ৰঙিয়া প্ৰশাসনৰ ‘বিশ্ব অ’টিজিম সজাগতা দিৱস’ উদযাপন

Next Post

অহংকাৰী দেওবাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অহংকাৰী দেওবাৰ

অহংকাৰী দেওবাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7