দিপালী বাইদেউ আৰু নীলপৱন বৰুৱাৰ লগত কথা পাতোতে কৈছিল আক্ষেপেৰে, ‘আমাৰ মৃত্যুৰ পাছত মানুহে আমাক মনত ৰাখিবনে? আপুনি লেখা-মেলা কৰে , লেখিবচোন আমাৰ কথা মাজে মাজে।’
বহু বছৰ ধৰি দিপালী বাইদেউহঁতক বৰ ওচৰৰ পৰা পাইছিলো, একেবাৰে ঘৰুৱা ভাবে। যেতিয়াই লগ পাওঁ বহু সময় ধৰি নানা ধৰণৰ কথা পাতো, বাইদেউৱে তেখেতৰ বুজা-নুবুজা মাতটোৰে কথাবোৰ কয়, মই মন দি শুনো, দুদিনমান নগ’লে বৰুৱা চাৰে ফোন কৰে, ‘ডালিমী বাইদেউ আপোনাক দিপালীয়ে মাতিছে।’ মই তেখেতক সুধো, ‘স্কুলৰপৰা আহোঁতে সোমালে হ’বনে? হ’ব হ’ব,বুলি তেখেতে কয়।
বাইদেউৰ মুখেৰে শুনিছিলো গানৰ, বিয়াৰ, বেমাৰৰ আৰু ভূপেন হাজৰিকাৰ পৰা পোৱা মৰমৰ কথা। ১৯৪১ চনৰ ৩১ জানুৱাৰীত শিৱসাগৰৰ ম’হখুটিত বিশ্বনাথ বৰঠাকুৰৰ ঔৰষত আৰু আইমনি বৰঠাকুৰৰ গৰ্ভত দিপালী বাইদেউৰ জন্ম। শিৱসাগৰৰ ফুলেশ্বৰী ছোৱালী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত আই.এ. আৰু সন্দিকৈ কলেজত বি.এ. পঢ়িছিল। সৰুৰে পৰা গান গাই ভালপোৱা ছোৱালীজনীয়ে অডিশ্বন নিদিয়াকৈয়ে আকাশবাণী গুৱাহাটীত গান পৰিবেশন কৰাৰ সুবিধা পাইছিল। আকাশবাণীত পৰিবেশন কৰা তেওঁৰ প্ৰথম গীতটো আছিল “বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা”
বাইদেউৱে কৈছিল—–“ৰেডিঅ’ত গান পৰিবেশন কৰাৰ সময়ত আমি উলুবাৰীত আছিলোঁ, তাৰ পৰা চান্দমাৰী ৰেডিঅ’ চেণ্টাৰলৈ মই খোজ কাঢ়ি আহিছিলোঁ। উলুবাৰীৰ পৰা চান্দমাৰিলৈ তেতিয়া পঁচিছ পইচা চিটিবাচৰ ভাৰা, মই কিন্তু বাছত অহা-যোৱা নকৰো। এটা গান গালে ষাঠি টকা পাওঁ। পোন্ধৰ টকাত এখন পাটৰ মেখেলা আৰু পাঁচ টকা মিটাৰৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ কাপোৰ কিনো।” বাইদেউৱে কথাবোৰ কৈ থাকোতে মাজে মাজে চকুদুটা উজ্জ্বল হৈ পৰে। মোৰো ভাল লাগে কথাবোৰ তেখেতৰ মুখেৰে শুনি। কথাৰ মাজতে সুধিছিলো, বাইদেউ ঘৰৰ পৰ্দাবোৰ নতুনকৈ সলালে আপোনাৰ ভাল লাগে নহয়? ” হয় হয় আপুনি মোৰ মনৰ কথাকে কলে, এতিয়াও ঘৰৰ পৰ্দা সলালে মোৰ মনটো বৰ ভাল লাগে। পিছে কি কৰিম,শাৰীৰিক অসুস্থতাই মোক বৰকৈ আমনি কৰে। কি কৰিম উপায় নাই। মই বি এ পঢ়ি থাকোঁতে, সংগীতৰ ক্ষেত্ৰত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱাৰ সময়তে দুৰাৰোগ্য ‘মটৰ নিউৰণ’ নামৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লো। বেমাৰ আৰম্ভ হোৱাত ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰিঞ্চিপাল ডাক্তৰ মধু ভট্টৰ ওচৰত চিকিৎসা কৰালোঁ। আনফালে আৰম্ভ হ’ল কবিৰাজি চিকিৎসা গিৰিশ শাস্ত্ৰীৰ ওচৰত। বেমাৰ ভাল হোৱাৰ কোনো লক্ষণ নেদেখি হেমাংগ বিশ্বাসে কলিকতালৈ মাতিলে।
কলিকতাত ডা: আৰ এন চেটাৰ্জীৰ ওচৰত চিকিৎসা চলিল। চেটাৰ্জীৰদৰে ইমান মৰমীয়াল মানুহ মই আগতে লগ পোৱা নাই। মোক সদায় মা মাকৈ মাতিছিল মানুহজনে। কলিকতাত ব্ৰেইনৰ অপাৰেশ্বন হ’ল, কিন্তু মোৰ ভাল হোৱাৰ কোনো লক্ষণ নেদেখি আয়াৰলেণ্ডলৈ গ’লো নাৰ্ভৰ হাস্পাতাল বিচাৰি। তাত তিনি মাহ থাকিলোঁ। তেওঁলোকে চিকিৎসা প্ৰদান কৰিলে আৰু পৰামৰ্শ দিলে যে ফিজিঅ’ থেৰাপী কৰাব লাগিব। পুনৰ ঘূৰি আহিলোঁ কলিকতালৈ, আৰম্ভ হ’ল ফিজিঅ’ থেৰাপী। সম্পূৰ্ণ দুটা বছৰে চিকিৎসা কৰিও কোনো ফল নহ’ল লাহে লাহে মাতটো বহি যাব ধৰিলে। কি কৰিম উপায় নাই। মই হেৰুৱাই পেলালো গান গোৱাৰ সামৰ্থ।” বৰ দুখ লাগিল বাইদেউৰ কথাবোৰ শুনি। তেখেতে পানী খাব বিচাৰিলে, মই চামুচেৰে অলপ পানী খুৱাই দিলো। কিছু সময় মোৰ ফালে চাই থাকিল, তাৰ পাছত মোৰ হাতখনত ধৰি কবলৈ আৰম্ভ কৰিলে,
আপুনি দেখিছেই, এবাৰ উঠি বহিব পৰাৰ হুতাহত কেনেদৰে উন্মাদ হৈ উঠিছোঁ। মোৰ দেহৰ ভয়ানক সমস্যা, মোৰ বুকুৰ কামিহাড়েও কথা কয় এতিয়া—-বৰ কষ্টেৰেহে উশাহ-নিশাহ লৈছোঁ, ভালকৈ শুবও নোৱাৰোঁ। জীয়াই থকাৰ আকুল হেঁপাহ–মোৰ গান, মোৰ সুৰ? বাইদেৱে আৰু ক’ব নোৱাৰে, হুকহুকাই কান্দি দিয়ে। ভাষা মোৰ হেৰাই যায়, কি বুলি সান্তনা দিম বাইদেউক। কিছু সময় তেনেকৈ ৰৈ থাকি বাইদেউৱে পুনৰ আৰম্ভ কৰে—“মোৰ অসুখ হোৱাৰ সময়ত ড০ ভূপেন হাজৰিকাদেৱে তেজপুৰৰ দৰং কলেজত গীত পৰিৱেশন কৰিবলৈ আহিছিল, মোৰ বেমাৰৰ খবৰ শুনি, মোৰবাবে এটি গীত ৰচনা কৰিছিল আৰু গীতটি পৰিৱেশন কৰাৰ আগে আগে তেওঁ হেনো শ্ৰোতা ৰাইজক কৈছিল—দিপালীৰ কণ্ঠ হেৰাই গ’ল, এই খবৰ যেন সত্য নহয়, দিপালী অসমৰ গৌৰৱ। তাৰ পিছত তেওঁ হেনো এই গীতটি গাইছিলঃ
“শীতৰে সেমেকা ৰাতি/কণ্ঠৰুদ্ধ কোনো সু গায়কৰ/প্ৰভাত আনিব পৰা, অথচ নোগোৱা এটি অমৰ গীতৰ বাবে, মই যেন এটি সুধাকণ্ঠ হওঁ, সুধাকণ্ঠ হওঁ।” ভূপেনদাক মই বৰ ওচৰৰ পৰা পাইছিলোঁ। তেখেতে মোক বৰ মৰম কৰিছিল। তেখেতলৈ সেৱা নিবেদলো।
বাইদেউৰ বিয়াৰ কথা সুধিলোঁ, অকণমান হাঁহি মাৰি ক’লে—-“১৯৭৫ চনত মোৰ বেমাৰ আৰম্ভ হোৱাৰ সাত বছৰ পিছত আমাৰ বিয়া হয়। প্ৰথম তেওঁলোকে বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা শুনি ভয়তে পেঁপুৱা লাগিছিলোঁ। মই ভাব্ছিলোঁ এই মানুহজনে কি ভাবি মোক বিয়া পাতিব খজিছে বাৰু? জীৱনৰ এই যাত্ৰা পথ কেনেদৰে
সফলতাৰে অতিক্ৰম কৰিম? এই মানুহজন বলীয়া হোৱা নাইতো? সকলো কথা জানি শুনিও মোক বিয়া পাতিব খুজিছে। ”
বাইদেউৰ লগত কথা পাতি থাকিলে বৰুৱাচাৰো আমাৰ ওচৰতে বহি থাকে। মাজে মাজে কয়,” আপুনি আহিলে দিপালীয়ে বৰ ভাল পায়, কেইদিনমান নাহিলে ফোন কৰিবলৈ কৈ থাকে।” বাইদেউক কেইদিনমান লগ নাপালে মোৰো ভাল নালাগে, সেয়ে দৌৰি আঁহো ,বাইদেউৰ ঘৰলৈ।
তেওঁলোকক বিয়াৰ কথা সুধিলোঁ, অকনমান হাঁহি মাৰি বাইদেউৱে কয়–“১৯৭৫ চনত মোৰ বেমাৰ আৰম্ভ হোৱাৰ সাত বছৰ পিছত আমাৰ বিয়া হয়। প্ৰথমতে নীলে বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা শুনি ভয়তে পেঁপুৱা লাগিছিলোঁ। মই ভাবিছিলোঁ এই মানুহজনে কি ভাবি মোক বিয়া পাতিব খুজিছে বাৰু? জীৱনৰ এই যাত্ৰা পথ কেনেদৰে সফলতাৰে পাৰ কৰিম? সুখী হ’ব জানো তেওঁ মোৰ লগত? মানুহজন বলীয়া হোৱা নাইতো? সকলো কথা জানি শুনিও মোক বিয়া পাতিব খুজিছে। বৰুৱাদেৱ সেই সময়ত ওচৰতে বহি আছিল, মই তেখেতক সুধিলোঁ, —-দিপালী বাইদেউক অসুখীয়া বুলি জানিও আপুনি কিয় বিয়া পাতিছিল বাৰু? বৰুৱা চাৰে কলে বিয়াৰ কথা ওলাল যেতিয়া চাহ একাপ খাই লোৱা যাওক, নে কি কয়? হয়, চাহ নাখালে কেনেকৈ হব,জানে দেৱী, বিয়া পতাৰ কথা মই কেতিয়াও ভবাই নাছিলো। মোৰ বন্ধু অৰ্কেন্দুৱে এদিন ক’লে নীল দিপালীক চোন তয়ে বিয়া পাতিব পাৰ, নিৰাপত্তা দিব পাৰিম বুলি ভাবিয়ে বন্ধুৰ কথা মতে দিপালীক মৰমেৰে আঁকোৱালি লৈছিলোঁ। মই পৰিপূৰ্ণভাবে জীয়াই থাকিব বিচাৰো। ২০১১ চনত মোৰ প্ৰথম খন কাব্য গ্ৰন্থ ‘জোনাক আৰু অৰণ্যৰ মাজে’ নামৰ কাব্য গ্ৰন্থ খন নীলপৱন আৰু দিপালী বাইদেউৰ কৰকমলত উছৰ্গা কৰিছিলোঁ। বৰুৱাচাৰে আঁকি দিছিল বেটুপাতৰ ছবিখন। একহাজাৰ খন কিতাপ চপা কৰি উলিয়াইছিলো আৰু বিক্ৰী কৰি পোৱা ধন খিনি দিপালী বাইদেউৰ চিকিৎসাৰ বাৱে বৰুৱাদেবৰ হাতত দিছিলোঁ। বেছিভাগ কিতাপ মোৰ বিভিন্ন স্কুলৰ শিক্ষক বন্ধুসকলে কিনিছিল দিপালী বাইদেউক সহায় কৰাৰ মানসেৰে। বাইদেৱে মোক লগ পালেই কয় “আপুনি আমাৰ জীৱনক লৈ কবিতা লিখক।” ময়ো ভাবিলো বাইদেউৰ আশাটো পূৰণ কৰিব লাগিবই, বাইদেউৰ ঘৰতে সভা এখন পাতি কিতাপ খন উন্মোচন কৰিছিলো, বাইদেউৰ যে কি স্ফূৰ্তি।তেখেতক ভাষণ দিবলৈ কোৱাত ফুটা-নুফুটা মাতটোৰে কৈছিল “সঁচাই আজি মই বৰ সুখ পাইছো, লগতে কৈছিল আমি মৰাৰ পাছটো আপুনি আমাৰ কথা লেখি ৰাইজক মনত পেলাই দিব। আকৌ বাইদেউৰ মৃত্যুৰ কেইদিনমান আগতে বৰুৱা চাৰে ফোন কৰিলে , “বাইদেউ আপুনি এবাৰ আহিব পাৰিবনে?” কিয়বা- কি হ’লনো ? দিপালীয়ে খং কৰি মোক মাত-বোল কৰা নাই। বাইদেউৰ গা বেছি বেয়া নেকি ? গাটো বেয়া হয়, কিন্তু কিবা অভিমানত সুধিলে একো নকয়।”
এঘণ্টামান পিছত গৈ দেখো-বাইদেউ শুই আছে, বাইদেউৱে আকৌ সৰু আলু ভাজি আৰু পানী পিঠা খাই ভাল পায়, মই গ’লে দোকানৰ পৰা কিনা বস্তু লৈ নাযাওঁ। বাইদেউৱে ভাল পোৱা কিবা অকনমান হাতত লৈ যাওঁ। গৈয়ে মাত দিলো- “বাইদেউ আপোনাক ইমান ধুনীয়া লাগিছে আজি।” বাইদেৱে ক’লে “মোৰ আজি খং উঠি আছে, কিয়? কাক খং কৰিছে। নীলক, মই মতাই নাই দুদিনমান।” বাপৰে- ইমান খং নে মৰমীয়াল মানুহজনীৰ। ক’বনে খং উঠাৰ কাৰণটো—-মই ক’লো।
চাওকচোন গা ধুৱাৰ পিছত সদায় ক্ৰিম ঘঁহি ফোঁট লগায় দিয়ে। এই দুদিন না ফোট দিছে, না ক্ৰিম দিছে। মই ক’লো এইটো বৰ বেয়া কাম হ’ল , বৰুৱাচাৰক মাতি আনি মই খং কৰিলো, “কি হ’ল? বাইদেউক ফোঁট দিবলৈ পাহৰিলে ক্ৰিম নঘঁহিলে—–।এতিয়াই বাইদেউক ক্ৰীম ঘঁহি ফোঁট লগাই দিয়ক। এই কামটো পাহৰিব লাগেনে, কি মানুহ আপুনি?
আপোনাক ময়ো বেয়া পাইছো।” ভাবি আচৰিত লাগে, আঁঠুৰ বিষত নিজে ভালদৰে খোজ কাঢ়িব নোৱাৰে, আনফালে নেৰা-নেপেৰাকৈ লাগি থাকে । ইমান কাঁহ , এইটো দেহাৰে দিপালী বাইদেউক ভাত খুৱাই দিছে।গা ধুৱাইছে, কাপোৰ পিন্ধাইছে—।
বৰুৱাদেৱক মই ছবিৰ বিষয়ে সুধিলে কয়—-ছবিৰ লগতে মোৰ প্ৰথম প্ৰেম। কিন্তু দীপাৰ অসুস্থতাৰ বাৱে মোৰ দিনলিপি ছুইচ টিপিলেই আৰম্ভ হ’ব লগা হ’ল। লাহেকৈ সময় বেয়া হৈ যাব ,কাম কৰিব নোৱাৰা হ’ম। মই সুধিছিলো -“আপুনি হেনো নাটক কৰি ভাল পাইছিল ?”তেখেতে কৈছিল- “হয় হয় , অভিনয় মোৰ বৰ প্ৰিয়। অভিনেতা হোৱাৰ বৰ মন আছিল মোৰ।” কবিতাও লিখে? হয় অ’ত ত’ত কবিতাবোৰ প্ৰকাশ হৈছে আৰু নীলপৱন বৰুৱাৰ ছবি আৰু কবিতা নাম দি এখন কাব্যগ্ৰন্থ ওলাব কিছুদিনৰ ভিতৰতে। বৰ ভাল লগা খবৰ, আপোনাক অভিনন্দন জনালো, চাৰে হাঁহিলে। আচৰিত লাগে বৰুৱাচাৰৰ কথা ভাবি, এগৰাকী বেমাৰী মানুহক শুশ্ৰূষা কৰিয়ে গোটেই জীৱন পাৰ কৰিলে। কি আচৰিত মানুহ, কিমান মহান হলে মানুহ এনেদৰে চলিব পাৰে? বাইদেউক আপুনি বৰ ভাল পায়। সেয়ে এই বিহুৰ বতৰত বাইদেউলৈ বুলি কিবা অকণমান কওকচোন।বৰুৱাচাৰে কৈ গ’ল—“ভাটৌ ৰঙী আমেজ, মোৰ সৰ্বস্বতে। অভিমানী জোনটোৱে দীপা, তোমাৰ খবৰ পঠায় তৰাৰ ডাকত, তোমাক ভাল পাওঁ দীপা। এই ভালপোৱা হ’ব নোৱাৰনে সমাজৰ আদৰ্শ—?” মই কলোঁ, “এইবাৰ বাইদেউৰ পাল- চাৰকলৈ আপুনি কি ক’ব। বাইদেৱে ক’লে-” মই কবিতা নাজানো, মোৰ হৈ আপুনি কৈ দিয়কচোন ভাল লগাকৈ। নীল মই সোমাই পৰিছোঁ শামুকৰ দৰে খোলাৰ মাজত। দেহত তেজৰ অসুখ, তুমি নীল আজন্ম প্ৰেমিক হৃদয়ৰ গভীৰতাৰ পৰা জিৰি জিৰি নামি আহে প্ৰেমৰ বৰষুণ, প্ৰেমৰ বাৱেই জীৱন ধুনীয়া, আমি সহবাস কৰিছোঁ যন্ত্ৰণাৰ স’তে, তোমাৰদৰে আন কোনো নাই নীল , তুমি একক তুমি অনন্য—–। ”
আমি বহু কথা পাতিছিলো একে লগে বহি বহু দিন, আজি স্মৃতি ৰোমন্থন কৰিছো। অগা-পিছাকে দুয়োজন গলগৈ শূন্যকৰি আমাৰ মন। আজি আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিছো -স্বৰ্গ যদি আছে তেখেতলোকে পুনৰ তাতে লগ হৈ সুখেৰে থাকক। বাইদেউৰ ইচ্ছা কেই আজি অসমবাসীক মনত সোঁৱৰাই দিয়াৰ মানসেৰে নীল পৱন বৰুৱাৰ দেৱৰ ওপজা দিনত শ্ৰদ্ধাৰে সুৱঁৰিছো। তেখেত যতেই আছে শান্তিৰে থাকক। 🙏🙏