ৰাজধানী দিল্লী চহৰত শনিবাৰে প্ৰবল বৃষ্টিপাত হোৱাৰ বাবে দিল্লীৰ ইন্দিৰাগান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ক্ষন্তেকতে জলমগ্ন হৈ পৰে। বিমানবন্দৰৰ অধিকাৰী সকলৰ মতে জমা হোৱা পানী নিঃসৰণ কৰিবৰ বাবে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হয়।
উল্লেখযোগ্য যে চলিত মাহত দিল্লীৰ কেইবাঠাইতো প্ৰবল বৃষ্টিপাত হোৱাৰ বাবে সেই ঠাইসমূহ নিমিষতে জলমগ্ন হৈ পৰে। আনহাতে দিল্লীত যোৱা শুকুৰবাৰে ৮.৩০ বজাৰ পৰা শনিবাৰে ৮.৩০ বজালৈ প্ৰায় ৯৪.৭ মি.লি বৰষুণ হয়। ফলত বিমানবন্দৰৰ প্ৰাংগন এই প্ৰবল বৰষুণৰ বাবে কিছুসময়ৰ কাৰণে পানীৰে ভৰি পৰে।
উল্লেখ্য যে যোৱা ৪৬ বছৰত দিল্লী চহৰত প্ৰবল বৃষ্টিপাত হোৱাৰ ক্ষেত্ৰত এই পৰিমাণ এইবাৰ সকলোতকৈ বেছি । জানিবলৈ পোৱা মতে ছেপ্তেম্বৰ মাহত বৰ্তমান সময়লৈকে দিল্লীত মুঠ ৩৪৩.৬ মি.লি বৰষুণ হয়। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত দিল্লীৰ বৰষুণৰ মাত্ৰা বহু পৃথক। সাধাৰণতে দিল্লীত সামান্য ভাৱে ১২৯.৮ মি.মি বৰষুণ হোৱাৰ বিপৰীতে চলিত বৰ্ষত এটা মাহতে ২০.৯ মি. লি বৰষুণ হৈছে।