প্ৰেয়সীক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি দিল্লীৰ ভিন্ন স্থানত পেলাই দিয়া অভিযুক্ত আফতাব পুনাৱালাই আৰক্ষীক ভুল তথ্যৰে তদন্ত বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে আফতাবৰ নাৰ্কো-এনালাইছিছ টেষ্ট কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। দক্ষিণ দিল্লীৰ ছাকেটৰ এখন আদালতে আফতাব পুনাৱালাৰ নাৰ্কো টেষ্ট কৰাৰ অনুমতি প্ৰদান কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ প্ৰেমিকা শ্ৰদ্ধা ৱাকাৰৰ ফোন আৰু মৃতদেহ কাটিবলৈ ব্যৱহাৰ কৰা কটাৰীখনেৰে সঠিকভাৱে কি কৰিছিল সেই সম্পৰ্কে ভুল তথ্য দি তদন্তকাৰীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি আহিছে।
ইফালে, আৰক্ষীৰ তদন্তত পোহৰলৈ আিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ মে’ মাহত প্ৰেয়সী শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহটো টুকুৰা টুকুৰ কৰি পেলোৱা আফতাবে ১০ দিন পূর্বেই তেওঁক হত্যাৰ চেষ্টা কৰিছিল ৷ সোমবাৰৰ পৰা দিল্লী আৰক্ষীয়ে কৰা সোধা-পোছাত লাভ কৰা তথ্য অনুসৰি ১৮ মে’ত অফতাবে শ্ৰদ্ধাক হত্যা কৰিছিল ৷ কিন্তু ২৮ বছৰীয়া আফতাবে শ্ৰদ্ধাক ইয়াৰ ১০ দিন আগতেই হত্যা কৰিবলৈ বিচাৰিছিল ৷ দুয়োৰে মাজত প্ৰচণ্ড কাজিয়াৰ পাছত আফতাবে শ্ৰদ্ধাক হত্যা কৰিব বিচাৰিছিল ৷ কিন্তু হঠাতে শ্ৰদ্ধা আৱেগিক হৈ কান্দিবলৈ ধৰাত আফতাবে হত্যা কৰিবলৈ দ্বিধাবোধ কৰিলে ৷ আফতাবে তেওঁক প্ৰতাৰণা কৰি আন এগৰাকী মহিলাৰ সৈতে তেওঁৰ ফোনত কথা পাতিছে বুলি শ্ৰদ্ধাই সন্দেহ কৰাত দুয়োৰে মাজত কাজিয়া হৈছিল।