ৰাষ্ট্ৰীয় পর্যায়ত পুনৰ সুনাম বুটলিবলৈ সক্ষম হ’ল দিল্লীৰ চৰকাৰী বিদ্যালয়ে ৷ এডুকেচন ৱৰ্ল্ড (ই ডব্লিউ) নামৰ এটা সংস্থাই চলোৱা সমীক্ষাত শীর্ষ দহ স্থানৰ ভিতৰত প্ৰথম দুটা স্থানেই দখল কৰিবলৈ সক্ষম হৈছে দিল্লীৰ বিদ্যালয়ে ৷ চৰকাৰীভাৱে পৰিচালিত দ্বাৰকাস্থিত ছেক্টৰ ১০ৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়ে প্ৰথম আৰু যমুনা বিহাৰৰ ৰাজকীয় প্ৰতিভা বিকাশ বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰে ৷ শিক্ষাবিদ, শিক্ষক আৰু অভিভাৱকসকলৰ বাবে স্থাপন কৰা এই পর্টেলটোৱে প্ৰতি বছৰে বিদ্যালয়সমূহৰ ৰেংকিং প্ৰকাশ কৰি আহিছে ৷
এই সাফল্যৰ বাবে অভিন্দন জ্ঞাপন কৰি কেজৰিৱালে এটা টুইটত কয়, “মোৰ শিক্ষা গোটৰ বাবে গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰৰ বিদ্যালয়সমূহে বিশ্বমানৰ বিদ্যালয় ৰেংকিঙত দেশৰ শ্ৰেষ্ঠ বিদ্যালয়সমূহৰ সৈতে শীৰ্ষস্থান দখল কৰিছে ৷” শীৰ্ষ দহটা স্থানৰ ভিতৰত পাঁচখন বিদ্যালয় দিল্লীৰ বুলিও তেওঁ কয়। এয়া এক উল্লেখনীয় সফলতা বুলিও তেওঁ অভিহিত কৰিছে ৷